আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত উদযাপিত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত ৰাজ্যৰ চাৰি গৰাকী সংগ্ৰামী জনজাতীয় নেতাক সম্বর্ধনা জ্ঞাপন কৰা হয় ৷ পাণ্ডৱ ৰাভা, পদ্ম পাটৰ, থানেশ্বৰ বড়ো আৰু নামেশ্বৰ পেগুক সম্বৰ্ধনা জ্ঞাপন কৰে ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় –“ মুণ্ডা বিদ্ৰোহৰ নেতা ভগৱান বিৰছা মুণ্ডাৰ জন্মদিৱস উপলক্ষে জনজাতি পৰিক্ৰমা বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত জনজাতীয় গৌৰৱ দিৱসত উপস্থিত থাকি সন্মানবোধ কৰিছোঁ। ব্ৰিটিছ সাম্ৰাজ্যবাদৰ হাতত হৃত ভাৰতীয় জাতিসত্তাৰ ঐতিহ্য আৰু স্বাধীনতা ঘূৰাই অনাত বিৰছা মুণ্ডাৰ অৱদান অমূল্য। মুণ্ডা বিদ্ৰোহ বা ‘উলগুলান’ অৰণ্যৰ অধিকাৰ তথা আদিবাসী ধৰ্ম-সংস্কৃতি ৰক্ষাৰ যুঁজেই নহয়, এয়া আছিল অৱদমিত ভাৰতীয় জাতীয় চেতনাক নিৰ্ভিক সংগ্ৰাম আৰু আত্মত্যাগৰ জৰিয়তে জাগ্ৰত কৰাৰ স্বাধীনতা সংগ্ৰাম। এই বীৰত্ব গাথাৰ নেতা বিৰছা মুণ্ডাৰ জন্মদিৱস জনজাতীয় গৌৰৱ দিৱস ৰূপে ৰাষ্ট্ৰীয় স্তৰত পালনৰ বাবে লোৱা সিদ্ধান্তৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাইছোঁ।“
আজিৰ অনুষ্ঠানত সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰী, জনজাতি পৰিক্ৰমা (ভৈয়াম) বিভাগৰ সচিব বিনীতা পেগুৰ লগতে অন্যান্যসকল উপস্থিত থাকে।