নাগৰিকত্ব সংশোধনী আইন(‘কা’)ৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা বিশাল প্ৰতিবাদে চাৰি বছৰ সম্পূৰ্ণ কৰিলে । চাৰি বছৰ পূৰ্বে ‘কা’ৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ লগতে সৰ্বস্তৰৰ লোক ওলাই আহিছিল । কোনো কাৰণতে অসমে বিদেশীৰ বোজা মানি নলয় বুলি দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে সাৱ্যস্ত কৰিছিল প্ৰতিবাদ ৷ দুয়োখন সদনতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত এই আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰে ৷ ‘কা’ বাতিলৰ দাবীত সকলো জঁপিয়াই পৰিছিল আন্দোলনত। একপ্ৰকাৰ অগ্নিগৰ্ভ হৈ পৰিছিল সমগ্ৰ অসম।
গুৱাহাটী মহানগৰীত ছাত্ৰ সমাজে আৰম্ভ কৰা আন্দোলনে হিংসাত্মক ৰূপ লৈছিল। অচল হৈ পৰিছিল গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্য ৷গুৱাহাটীৰ লতাশিল খেলপথাৰতো হৈছিল বৃহৎ গণ সমাৱেশ। ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক ৷ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছিল মহানগৰীৰ আইন-শৃংখলা পৰিস্থিতি ৷সেই আন্দোলনৰ সময়তে আৰক্ষীৰ গুলীত নিহত হৈছিল ১৭ বছৰীয়া ছাত্ৰ ছেম ষ্টেফ’ৰ্ডৰ লগতে আন চাৰিজন যুৱক। শ্বহীদ হৈছিল ছেম ষ্টেফ’ৰ্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম আৰু দ্বীজেন্দ্ৰ পাংগিং।
আজি তেওঁলোকক সশ্ৰদ্ধ স্মৰণ কৰা হৈছে ৷ হাতীগাওঁ হাইস্কুলত আছুৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ ইফালে, ‘কা’ৰ বিৰুদ্ধে আজি পুনৰ এক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মহানগৰীৰ চানমাৰিত। ‘কা’ বিৰোধী সমন্বয় সমিতি, অসমৰ উদ্যোগত আয়োজন কৰা হৈছে এই প্ৰতিবাদী সভা।