জয়সাগৰৰ চিআৰপিএফৰ কেম্পৰ সন্মুখত সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ এই বিস্ফোৰণ সন্দর্ভত আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীয়ে । ধৃত যুৱককেইজনক হৈছে ৰাহুল মোহন, দিব্যজ্যোতি চেতিয়া, মিণ্টু চেতিয়া আৰু ৰিণ্টু নাথক গ্ৰেপ্তাৰ।
উল্লেখ্য যে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা(স্বাঃ)ই ৷ আলফা (স্বাঃ)ৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত চাৰিওজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁলোকে দীর্ঘদিন ধৰি আলফা(স্বাঃ)ৰ লিংকমেন হিচাপে কাম কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে আজি বিস্ফোৰণ স্থলীত এনআইএৰ দল উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷