ভাৰত, জাৰ্মানী, ব্ৰাজিল আৰু জাপানক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত পুনৰ নিজৰ সমৰ্থন আগবঢ়াইছে ফ্ৰান্সে ৷ শুকুৰবাৰে ৰাষ্ট্ৰসংঘত ফ্ৰান্সৰ উপ-স্থায়ী প্ৰতিনিধি নাথালি ব্ৰডহাৰ্ষ্টে কয় , “ফ্ৰান্সৰ স্থিতি অহৰহ আৰু সকলোৰে পৰিচিত। আমি বিচাৰো যে পৰিষদখন আজিৰ বিশ্বৰ অধিক প্ৰতিনিধিত্বমূলক হওক ৷ যাতে ইয়াৰ কৰ্তৃত্ব আৰু ফলপ্ৰসূতা অধিক শক্তিশালী হয়।”
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পূৰ্ণাংগ বৈঠকত ‘নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা বৃদ্ধি আৰু নিৰাপত্তা পৰিষদৰ সৈতে জড়িত অন্যান্য বিষয়’ৰ ওপৰত তেওঁ ভাষণ প্ৰদান কৰিছিল ৷
ব্ৰডহাৰ্ষ্টে কয় যে ৰাষ্ট্ৰসংঘই সঁচাকৈয়ে এনে নতুন ক্ষমতাৰ উত্থানৰ কথা লক্ষ্য ৰাখিব লাগিব যিয়ে নিৰাপত্তা পৰিষদত স্থায়ী উপস্থিতিৰ দায়িত্ব ল’বলৈ ইচ্ছুক আৰু সক্ষম।ব্ৰডহাৰ্ষ্টে কয় যে ইয়াৰ কাৰ্যবাহী আৰু কাৰ্য্যকৰী স্বৰূপ ৰক্ষা কৰিবলৈ বৰ্ধিত পৰিষদত ২৫ জনলৈকে সদস্য থাকিব পাৰে।
তেওঁ লগতে কয় -“ফ্ৰান্সে জাৰ্মানী, ব্ৰাজিল, ভাৰত আৰু জাপানক স্থায়ী সদস্য হিচাপে প্ৰাৰ্থীত্বক সমৰ্থন কৰে। আমিও স্থায়ী সদস্যসকলৰ মাজতো আফ্ৰিকান দেশসমূহৰ অধিক শক্তিশালী উপস্থিতি দেখিব বিচাৰো। যাতে ন্যায্য ভৌগোলিক প্ৰতিনিধিত্ব লাভ কৰিব পাৰে ৷ “
১৫খন দেশৰ এই পৰিষদৰ পাঁচ স্থায়ী সদস্যৰ আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ সংস্থাত ভাৰতৰ বাবে স্থায়ী সদস্যৰ সমৰ্থন আগবঢ়াইছে।নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে ভাৰতৰ বৰ্তমানৰ দুবছৰীয়া কাৰ্যকাল অহা মাহত শেষ হ’ব।
নতুন দিল্লী আৰু ব্ৰাজিল, জাৰ্মানী আৰু জাপানৰ অন্যান্য জি-৪ ৰাষ্ট্ৰসমূহে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত গভীৰভাৱে বিভাজনমূলক হৈ থকা নিৰাপত্তা পৰিষদৰ জৰুৰী সংস্কাৰৰ আহ্বান জনোৱা প্ৰচেষ্টাত আগবাঢ়ি আহিছে।