কল চেণ্টাৰ স্থাপন কৰি হাজাৰ হাজাৰ লোকক প্ৰতাৰণা কৰা গোচৰত আজি জামিন লাভ কৰিলে ৫৩ জনঅভিযুক্তই। অৱশ্যে জামিন মঞ্জুৰ কৰিলেও তেওঁলোকে মানি চলিব লাগিব চৰ্ত। প্ৰতি সপ্তাহে ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব লাগিব অভিযুক্তসকল।
২৬ ডিচেম্বৰলৈকে তেওঁলোকক এইদৰে হাজিৰ হোৱাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে । যিহেতু গোচৰটোৰ অভিযুক্তসকলৰ অধিকাংশই বহিঃৰাজ্যৰ, সেয়ে তেওঁলোকে গুৱাহাটীৰ হোটেলে হোটেলে বাহৰ পাতিছে।
স্মৰ্তব্য যে, এইসকলে বিভিন্ন ৱেব চাইটত লাভ কৰা বিজ্ঞাপনৰ ভিত্তিত অসমলৈ সংস্থাপনৰ আশাত আহিছিল। ইয়াৰ পাছতে তেওঁলোকক বি পি অ’ চাকৰি দিয়াৰ নামত কল চেণ্টাৰত নিয়োগ কৰা হৈছিল।
এই সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল ডেভিড, ৰাজন, দিব্যম। জানিব পৰা মতে অভিযুক্তৰ ৯৯ শতাংশই উচ্চ শিক্ষিত। এই বৃহৎ গেংটোৰ মূল অভিযুক্ত সুশীল সশদেৱ এতিয়াও পলাতক হৈ আছে।