গুৱাহাটীৰ দিছপুৰ থানালৈ অনা হ’ল পশ্চিমবংগৰ আলিপুৰদুৱাৰত গ্ৰেপ্তাৰ হোৱা মহাপ্ৰৱঞ্চক মানস চলিহাক। দেওবাৰে নিশাই কোকৰাঝাৰ থানাৰ পৰা মানস চলিহাক দিছপুৰ আৰক্ষী থানালৈ লৈ অহা হয় । শনিবাৰে পশ্চিম বংগৰ এখন হোটেলত আত্মগোপন কৰি থকা মানস চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল । অসম আৰক্ষীৰ বিষয়াই জেৰা চলাব মহাপ্ৰৱঞ্চকটোক।
উল্লেখ্য যে আলফা (স্বাধীন)ৰ সদস্য মানস বৰগোঁহাহইৰ কেতবোৰ বিস্ফোৰক ভিডিঅ’ত পোহৰলৈ আহিছিল মানস চলিহাৰ কুকীর্তি ৷ ‘গুপ্তচৰ’গিৰি কৰিবলৈ মানস বৰগোহাঁই নামৰ যুৱকজনক ম্যনমাৰৰ কেম্পলৈ প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল মানস চলিহাৰ বিৰুদ্ধে। এই অভিযোগ নাকচ কৰিৱছিল মানস চলিহাই ৷ কিন্তু কেইবাটায়ো ভিডিঅ’ৰ জৰিয়তে মানস বৰগোঁহাইয়ে মানস চলিহাই কিদৰে একাংশ যুৱক যুৱতীক আলফা স্বাধীনৰ গুপ্তচৰগিৰি কৰিবলৈ প্ৰশিক্ষণ দিছিল সেয়া ফাদিল কৰিছিল ৷
তদুপৰি মানস চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছিল এটাৰ পিছত আনটো প্ৰৱঞ্চনাৰ অভিযোগ। মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে লোৱাৰ আছে অভিযোগ। ব্যৱসায়ীজনে দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। তদুপৰি চাকৰি দিয়াৰ নামত একাধিক গোচৰ ৰুজু হৈ আছে মানস চলিহাৰ বিৰুদ্ধে ৷ সেই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰছিল মানস চলিহাক। অৱশ্যে মানস চলিহাৰ বিৰুদ্ধে ২০২২ চনতে গোচৰ ৰুজু হৈছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল ৷ কেবল মানস বৰগোঁহাইৰ অভিযোগৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতহে মানস চলিহাক গ্ৰেপ্তাৰ কৰা কার্যই ৰহস্যৰ সৃষ্টি কৰিছে ৷