দেশৰ সকলো প্ৰাপ্তবয়স্কই শুক্ৰবাৰৰ পৰা অহা ৭৫ দিনৰ ভিতৰত এক বিশেষ অভিযানৰ অধীনত চৰকাৰী কেন্দ্ৰসমূহত কৰোণা ভাইৰাছ ভেকছিনৰ বিনামূলীয়া বুষ্টাৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি বিষয়াসকলে জানিবলৈ দিছে।তৃতীয় পালিৰ আৱৰণ উন্নত কৰাৰ লক্ষ্যৰে, ভাৰতৰ স্বাধীনতাৰ ৭৫তম বাৰ্ষিকী উপলক্ষে চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপনৰ অংশ হিচাপে অনুষ্ঠিত কৰা হ’ব এই অভিযান ।
এতিয়ালৈকে, ১৮-৫৯বছৰ বয়সৰ ভাৰতৰ জনসংখ্যাৰ ৭৭কোটিৰ লক্ষ্যৰে ১ শতাংশতকৈও কম লোকক বুষ্টাৰ প্ৰদান কৰা হৈছে।
অৱশ্যে ইতিমধ্যে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ আনুমানিক ১৬ কোটি জনসংখ্যাৰ প্ৰায় ২৬ শতাংশৰ লগতে স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলে এই বুষ্টাৰ পালি লাভ কৰিছে ৷
এজন স্বাস্থ্য বিষয়াই এই সন্দৰ্ভত কয় যে ,ভাৰতীয় জনসংখ্যাৰ বেছিভাগে ন মাহৰ আগতে তেওঁলোকৰ দ্বিতীয় পালি ভেকছিন লাভ কৰিছিল। আইচিএমআৰ (ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ) আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠানৰ অধ্যয়নে পৰামৰ্শ দিছে যে প্ৰাথমিক টিকাকৰণৰ প্ৰায় ছয় মাহ পিছত দুয়োটা পালিৰ সৈতে এণ্টিবডীৰ স্তৰ হ্ৰাস হয়… বুষ্টাৰ প্ৰদান কৰিলে ৰোগ প্ৰতিৰোধ সঁহাৰি বৃদ্ধি হয় ৷ লগতে তেওঁ কয়, “সেয়েহে চৰকাৰে ৭৫ দিনৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে য’ত ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা চৰকাৰী টিকাকৰণ কেন্দ্ৰসমূহত ১৮ ৰ পৰা ৫৯ বছৰ বয়সৰ ব্যক্তিসকলক বিনামূলীয়াকৈ সাৱধানতাৰ পালি প্ৰদান কৰা হ’ব।”
মন কৰিবলগীয়া যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে যোৱা সপ্তাহত সকলো হিতাধিকাৰীৰ বাবে কোভিড-১৯ ভেকছিনৰ দ্বিতীয় আৰু সাৱধানতাৰ পালিৰ মাজৰ ব্যৱধান নৰ পৰা ছয় মাহলৈ হ্ৰাস কৰিছে। ইয়াৰ পিছত টিকাকৰণৰ ওপৰত ৰাষ্ট্ৰীয় কাৰিকৰী পৰামৰ্শদাতা গোটৰ (এনটিএজিআই) পৰামৰ্শ দিয়া হৈছিল।আনহাতে টিকাকৰণৰ গতি ত্বৰান্বিত কৰিবলৈ আৰু বুষ্টাৰ ড’জক উৎসাহিত কৰিবলৈ, চৰকাৰে ১ জুনত ৰাজ্যজুৰি ‘হৰ ঘৰ দস্তক অভিযান ২.০’ৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছিল। উক্ত পৰ্যায়ৰ দুমহীয়া কাৰ্যসূচী বৰ্তমান চলি আছে।
চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ জনসংখ্যাৰ ৯৬ শতাংশ লোকক কোভিড ভেকছিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে আনহাতে ৮৭ শতাংশ লোকে গ্ৰহণ কৰিছে দুয়োটা পালি ।চলিত বৰ্ষৰ ১০ এপ্ৰিলত, ভাৰতে ১৮ বছৰৰ অধিক বয়সৰ সকলোকে কোভিড-১৯ ভেকছিনৰ সাৱধানতাৰ পালি প্ৰদান কৰা আৰম্ভ কৰে।
সমগ্ৰ দেশজুৰি যোৱা বছৰৰ ১৬ জানুৱাৰীত টিকাকৰণ অভিযান আৰম্ভ হৈছিল য’ত স্বাস্থ্যসেৱা কৰ্মীসকলে প্ৰথম পৰ্যায়ত টিকাকৰণ কৰিছিল। ফ্ৰণ্টলাইন কৰ্মীসকলৰ টিকাকৰণ যোৱা বছৰৰ ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল।আনহাতে যোৱা বছৰৰ ১ মাৰ্চত, ৬০ বছৰতকৈ অধিক বয়সৰ লোক আৰু নিৰ্দিষ্ট কোমৰ্বিড স্থিতিথকা ৪৫ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ বাবে কোভিড-১৯ টিকাকৰণ আৰম্ভ হৈছিল।