ডা. হেডগেৱাৰ স্মাৰক সমিতি, গুৱাহাটীৰ উদ্যোগত আজি গুৱাহাটী মহানগৰৰ দহ টা চাফাই কৰ্মীৰ বস্তিত বিনামূলীয়া স্বাহ্য চেতনা শিৱিৰ অনুষ্ঠিত হয় ।গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলত থকা চাফাই কৰ্মচাৰী সকলৰ বস্তিত বাস কৰা লোকসকলক স্বাস্হ্য সম্পৰ্কীয় সজাগ কৰাৰ বাবে শিৱিৰ অনুষ্ঠিত কৰা হয় বুলি ডা: হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগতা সকলে জানিবলৈ দিছে।
উল্লেখ্য, গুৱাহাটী মহানগৰৰ মালিগাওঁ গোশালা, লোক কলনি, ফটাশিল,আমবাৰী, উজানবজাৰ, মৰাখালী , বামুনীমৈদাম, ৰুপনগৰ,দিছপুৰকে ধৰি মুঠ ১০ টা চাফাই কৰ্মীৰ বস্তিত স্বাহ্য চেতনা শিবিৰ অনুষ্ঠিত হয় । প্ৰথম পৰ্যায়ত অনুস্হিত এই শিৱিৰত গুৱাহাটীৰ চাফাই কৰ্মচাৰী সকলৰ পৰিয়ালৰ বাবে অনুস্হিত কৰা হয় যাতে বস্তি অঞ্চলৰ ব্যক্তি সকলৰ স্বাস্হ্যৰ ওপৰত লক্ষ্য ৰাখি প্ৰাৰম্ভিক স্স্তৰত এই চিকিৎসা শিবিৰ অনুস্হিত কৰা হয় । উক্ত শিৱিৰত পুৰুষ,মহিলা তথা শিশুকে ধৰি মুঠ ১২৭৬ গৰাকী ব্যক্তিয়ে স্বাস্হ্য পৰীক্ষা কৰে ।
এই শিৱিৰত গুৱাহাটীৰ আগশাৰী চিকিৎসালয়ৰ পৰা মুঠ ৭০ গৰাকী চিকিৎসকে সেৱা আগৱঢায়৷ মনকৰিবলগীয়া কথা যে, বস্তি অঞ্চলত পূৰ্বৰে পৰা ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে সেৱা আগৱঢাই আহিছে । আজি দিনৰ ১১ বজাৰ পৰা আৱেলি ৪ বজালৈ হোৱা এই শিৱিৰ স্হানীয় ৰাইজৰ সহযোগিতাত এই শিৱিৰৰ পৰিসমাপ্তি ঘটে । উল্লেখ্য, ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে পূৰ্বৰে পৰা চাফাই কৰ্মীসকলৰ বস্তি অঞ্চলত বিভিন্ন ধৰনৰ সেৱামুলক কাম – কাজ কৰি আহিছে৷