‘পান সিং তোমাৰ’ -এখন আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাতিসম্পন্ন ছবি ৷ ছবিখন এজন যুৱক আৰু এটা বাঘে একেলগে সমুদ্ৰত এখন নাৱঁত ভ্ৰমণ কৰাৰ অভুতপূর্ব কাহিনী চিত্ৰায়িত কৰা হৈছে ৷ কিন্তু আমি আজি ক’ব বিচাৰিছো চিনেমাৰ দৰে লগা আন এটা বাস্তৱ কাহিনী ৷ এই কাহিনী হৈছে মধ্যপ্ৰদেশৰ ৰমেশ সিং ছিকাৰোৱাৰ ৷ পেচাত তেওঁ এজন দুধর্ষ ডকাইত ৷ এসময়ত চুৰি, ডকাইতি, হত্যাৰে আতংকৰ কাৰণ হৈ পৰা ৰমেশ সিং ছিকাৰোৱাৰৰ বর্তমানৰ পৰিচয় সম্পূর্ণ সুকীয়া ৷ সম্প্ৰতি তেওঁক ডকাইত হিচাপে নহয়, জনা যায় ‘চিতা বন্ধু’ হিচাপে ৷ চিতা বাঘৰ বিষয়ে স্থানীয় পর্যায়ত সজাগতা সৃষ্টি কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি লক্ষ্য ৰাখি ৰমেশ সিং ছিকাৰোৱাৰক এই নাম প্ৰদান কৰিছে মধ্যপ্ৰদেশৰ বন বিভাগে ৷
উল্লেখ্য যে প্ৰায় এটা দশক ধৰি চম্বলত ভয় আৰু আতংকৰ আন এটা নাম হৈ পৰিছিল ৰমেশ সিং ছিকাৰোৱাৰ। ৭০ৰ পৰা ৮০ৰ দশকৰ ভিতৰত গভীৰ অৰণ্যত বাস কৰা ৭২ বছৰীয়া ৰমেশ সিং ছিকাৰৱাৰৰ বিৰুদ্ধে আছে ২৫০টাতকৈ অধিক ডকাইতিৰ গোচৰ ৷ তেওঁ সংঘটিত কৰিছিল ৭০টাতকৈও অধিক হত্যাকাণ্ড । কিন্তু ১৯৮৪ চনত আত্মসমৰ্পণ কৰাৰ পিছত এই ৰমেশ সিং ছিকাৰোৱাৰে সমাজ সেৱাৰ সৈতে অহৰহ জড়িত হৈ আহিছে ৷ এতিয়া তেওঁ সমগ্ৰ অঞ্চলটোতে “চিতা বন্ধু” হিচাপে পৰিচিত হৈ পৰিছে। ৰমেশ সিং ছিকাৰোৱাৰে এসময়ত ডকাইত হিচাপে আতংকৰ সৃষ্টি কৰা গাঁওবোৰলৈ গৈ স্থানীয় বাসিন্দাসকলক আফ্ৰিকাৰ পৰা ভাৰত চৰকাৰে অনা চিতা বাঘৰ বিষয়ে সজাগ কৰি তুলিছে।
মধ্যপ্ৰদেশ চৰকাৰে আফ্ৰিকাৰ পৰা আনিবলগীয়া আঠটা চিতা বাঘ ১৭ ছেপ্টেম্বৰত কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হ’ব। ৭০ বছৰ পূৰ্বে বিলুপ্ত হৈ পৰা চিতা বাঘৰ সংখ্যা বৃদ্ধি চেষ্টা কৰা হ’ব ৷ আগন্তুক পাঁচ বছৰত ভাৰতলৈ ৫০টা চিতা অনাৰ পৰিকল্পনা কৰা হৈছে।
শ্বেওপুৰ আৰু মৰেনাৰ ১৭৫ খন গাঁৱত ছিকাৰৱাৰক “মুখীয়া” নামেৰে জনাজাত। ১৯৮৪ চনত নিজৰ গেঙৰ ৩২ জন সদস্যৰ সৈতে আত্মসমৰ্পণ কৰাৰ পিছত ৮ বছৰ কাৰাগাৰত কটায় আৰু মুক্তিৰ পিছত কৰহালত তেওঁ খেতি কৰিবলৈ আৰম্ভ কৰে। ছিকাৰৱাৰে অপৰাধৰ জগতৰ পৰা আঁতৰি আহিলেও গাৱঁসমূহত তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি আজিও অব্যাহত আছে। এই কাৰণেই যেতিয়া কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ চিতা অনাৰ পৰিকল্পনা কৰা হৈছিল তেতিয়া বন বিভাগে ছিকাৰৱাৰৰ কাষ চাপিছিল। যাতে কুনোৰ সমীপৱর্তী জনসাধাৰণৰ মাজৰ পৰা এই চিতা বাঘৰ ভয় দূৰ কৰিব পৰা যায় ৷
শ্বেওপুৰ সংমণ্ডল বন বিষয়া প্ৰকাশ বাৰ্মাই কয়, ‘আমি ছিকাৰৱাৰক আমাৰ উদ্বেগ প্ৰকাশ কৰি তেওঁৰ সহায় বিচাৰিছিলো। তেওঁ এই কামটোক মিছন হিচাপে লৈছিল। অৰণ্যৰ আশে-পাশে বসবাস কৰা গাঁৱৰ লোকসকলে ইতিমধ্যে নাহৰফুটুকী, ক’লা, নীলগাইৰ বাবে অশান্তিৰ সন্মুখীন হৈছে ৷ অৱশ্যে এতিয়া ৰাইজৰ ভিতৰৰ পৰা চিতাৰ ভয়ৰ অন্ত পৰিছে। ডিঙিত বগা ৰঙৰ “চিতা বন্ধু” গামোচা পিন্ধি প্ৰতিদিনে কুনো বনাঞ্চলৰ ওচৰৰ গাঁওবোৰত ঘূৰি ফুৰে ছিকাৰৱাৰ আৰু তেওঁৰ দুই ডজন সহযোগীয়ে এই বিষয়ে সজাগতা সৃষ্টি কৰে।‘