এপ্ৰিল মাহতে দেশৰ সকলো প্ৰান্ততে অস্বস্তি বৃদ্ধি কৰিছে প্ৰচণ্ড গৰমে। পূব আৰু দক্ষিণ ভাৰতৰ বৃহৎ অংশত অত্যন্ত গৰমৰ বৃদ্ধিয়ে জীৱনযাত্ৰা ব্যাহত কৰিছে ৷ আনকি এনে তাপ কেতিয়াও অনুভৱ নকৰা ঠাইতো তাপমাত্ৰা ৪০ ডিগ্ৰীৰ ওচৰ পাইছে। ক’ৰবাত পাৰাস্তম্ভই ৪০ ডিগ্ৰী চেলছিয়াছৰ সীমা অতিক্ৰম কৰিছে।
মৌছম ভৱনৰ পূৰ্বাভাস অনুসৰি আগন্তুক পাঁচ দিনলৈ পূব আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ গৰমৰ পৰিস্থিতি উন্নত হোৱাৰ কোনো সম্ভাৱনা নাই। বৰং গৰমৰ ঢৌ অব্যাহত থাকিব। কেৰেলা, তামিলনাডু,পশ্চিমঘাট সংলগ্ন মহাৰাষ্ট্ৰ,, বেংগালুৰুত সাধাৰণতে এই ধৰণৰ গৰম নহয়। সাগৰৰ পাৰত বছৰটোৰ ভিতৰতে সুখদায়ক নাতিশীতোষ্ণ বতৰ উপভোগ কৰে উক্ত অঞ্চলৰ লোকসকলে । লগতে চলিত বৰ্ষৰ এপ্ৰিল মাহত তাপমাত্ৰাই ৩৮ৰ পৰা ৪১ ডিগ্ৰীৰ ঘৰ চুইছে ৷ কেইবাটাও অঞ্চলৰ পৰাও গ্ৰীষ্মকালত মৃত্যুৰ খবৰ পোৱা গৈছে।
কেৰালাৰ আলাপ্পুঝাৰ দৃশ্যপটৰ সৌন্দৰ্য্য আৰু বতৰৰ বাবে পৰ্যটকৰ মাজত জনপ্ৰিয়। তামিলনাডুৰ উটি, মহাৰাষ্ট্ৰৰ মথেৰাণৰ দৰে ঠাইত অতি গৰমৰ বতৰতো তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি নহয়। চলিত বৰ্ষৰ এপ্ৰিল মাহত আলাপ্পুজাত ৩৮ ডিগ্ৰী চেলছিয়াছ আৰু মাথেৰাণত ৩৯ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকর্ড হৈছে ৷যিটো অঞ্চলটোৰ সৰ্বোচ্চ তাপমাত্ৰা।
লক্ষদ্বীপৰ আমিনিডিভিত এতিয়ালৈকে এপ্ৰিল মাহৰ সৰ্বোচ্চ উষ্ণতা ৩৬.৬ ডিগ্ৰী চেলছিয়াছ, যিটো বিৰল। অন্ধ্ৰ প্ৰদেশৰ আৰোগ্যৱৰামতো তাপমাত্ৰা ৪১ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰিলে। সেই অঞ্চলত কেতিয়াও ইমান গৰম হোৱা নাই। ইয়াৰ উপৰিও ওড়িশাৰ কটক, তামিলনাডুৰ ধৰ্মপুৰী, পশ্চিম বংগৰ কেনিং, ডাইমণ্ড হাৰ্বাৰত এপ্ৰিল মাহত তাপমাত্ৰা আছিল ৪১ৰ পৰা ৪৩ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত। আগন্তুক পাঁচ দিনত গংগা পশ্চিম বংগৰ তাপমাত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মৌছম ভৱনৰ পূৰ্বাভাস অনুসৰি ১ মে’ৰ পূৰ্বে সকাহ নাপায় দেশবাসীয়ে ৷ মে’ মাহত তাপমাত্ৰা সামান্য হ্ৰাস পাব পাৰে। ইয়াৰ সমান্তৰালকৈ পূব আৰু দক্ষিণ ভাৰতৰ কিছুমান ঠাইতো বৰষুণ হ‘ব পাৰে।