ৰাজ্য চৰকাৰৰ কার্যসূচীত এতিয়াৰ পৰা নাথাকিব কোনো খাদ্যৰ ব্যৱস্থা ৷ ৰাজ্য চৰকাৰৰ যিকোনো কার্যসূচীত অতিথি তথা মঞ্চত আসন গ্ৰহন কৰা ব্যক্তি সকলৰ বাবে কেবল চাহ-বিস্কুট আৰু খোৱা পানীহে যোগান ধৰা হ’ব ৷
সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্নননে এই নির্দেশনা জাৰি কৰিছে ৷ অর্থাৎ দিনটোৰ বাবে কোনো কার্যসূচীত অংশগ্ৰহণ কৰিলেও এতিয়াৰে পৰা কোনো ধৰণৰ দুপৰীয়াৰ আহাৰ যোগান ধৰা নহ’ব ৷