আজি ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰ ২০২১ লৈকে অসম চৰকাৰৰ হৰ ঘৰ দস্তক অভিযান আৰম্ভ হৈছে। ৰাজ্যখনত কভিদ টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ আজিৰে পৰা এই অভিযান মুকলি কৰিছে। ৰাজ্যখনৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰৰ এলেকাসমূহ সামৰি টিকাকৰণৰ কাৰ্য্যসূচী আৰম্ভ কৰিছে।
কভিদৰ তৃতীয় ঢৌৰ সংক্ৰমণৰ পূৰ্বেই ১০০% ডেকচিন প্ৰদান কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠিছে। মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি বিভিন্ন মন্ত্ৰী, শীৰ্ষ আমোলা বিষয়াসকলে ভোটদান কেন্দ্ৰৰ আওতাৰ অঞ্চলসমূহ নিৰীক্ষণ কৰিব।
ইতিমধ্যে ৰাজ্যৰ ৩ কোটি ২৬ লাখ লোকে কভিদ ভেকচিন গ্ৰহণ কৰিছে। সকলো ব্যক্তিয়ে যাতে ভেকচিন লাভ কৰে, তাৰ বাবে স্বাস্থ্য বিভাগৰ লোকসকলে ঘৰে ঘৰে গৈ ভেকচিন প্ৰদান কৰিব। স্বাস্থ্য বিভাগে সকলোকে দুয়োপালি কভিদ ভেকচিন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।