পুনৰ অনিয়ন্ত্ৰিত হৈ পৰিছে ইন্ধনৰ মূল্য ৷ বুধবাৰে দিল্লীত একেৰাহে দ্বিতীয় দিনৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য ৮০ পইচাকৈ বৃদ্ধি পাইছে ৷ আজি দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ৯৭.০১ টকা ৷ আনহাতে ডিজেলৰ মূল্য হৈছে প্ৰতি লিটাৰত ৮৮.২৭ টকা ৷
মঙলবাৰেও পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৮০ পইচাকৈ বৃদ্ধি কৰা হৈছিল ৷ আনহাতে ঘৰুৱা ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকা বৃদ্ধি পাইছিল ৷ তেল প্ৰতিষ্ঠানসমূহে চাৰি মাহৰ ব্যৱধানত ইন্ধনৰ মূল্যবৃদ্ধি কৰিছিল ৷ ৰন্ধন গেছৰ মূল্য অন্তিমবাৰৰ বাবে যোৱা ৬ অক্টোবৰত বৃদ্ধি কৰা হৈছিল ৷ উত্তৰ প্ৰদেশ আৰু পঞ্জাৱকে ধৰি পাঁচখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে ৪ নৱেম্বৰৰ পৰা পেট্ৰ’ল আৰু ডিজেলৰ মূল্য স্থিৰ হৈ আছিল।
২০২১ চনৰ ৬ জুলাইৰ পৰা ৬ অক্টোবৰৰ ভিতৰত এলপিজিৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত ১০০ টকাকৈ বৃদ্ধি পাইছিল ৷ ইন্ধনৰ মূল্য বৃদ্ধি পুনৰ আৰম্ভ হোৱাৰ লগে লগে মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ বিৰোধী দলসমূহে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰক আক্ৰমণ কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ কংগ্ৰেছ, তৃণমুল আৰু বাওঁপন্থী দলসমূহে কৰা প্ৰতিবাদত মঙলবাৰে ৰাজ্যসভাৰ কাম-কাজ দুবাৰ স্থগিত ৰখা হৈছিল ৷