ঋতু পৰ্ণ শৰ্মা,নগাঁও,৫ছেপ্টেম্বৰ:–শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ ফুলগুৰি শংকৰদেৱ শিশু নিকেতনত মংগলবাৰে এখনি প্ৰাচীৰ পত্ৰিকা “অৰ্ক”ৰ উন্মোচন কৰা হয় । শিক্ষক দিৱসৰ উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত প্ৰাচীৰ পত্ৰিকা “অৰ্ক”ৰ উন্মোচন কৰে সাংবাদিক দেৱজিৎ হাজৰিকাই । “অৰ্ক”ৰ উন্মোচন কৰি হাজৰিকাই উল্লেখ কৰে যে সমাজ জীৱনত শিক্ষকৰ অৱদান যুগে যুগে স্বীকৃত ।
শিক্ষকসকলে নৱ-প্ৰজন্মক জাতীয় চেতনাৰে সমৃদ্ধ কৰি বিশ্বমানৰ মানৱ সম্পদ গঢ় দিয়াত ব্ৰতী হোৱা উচিত । আজিৰ শিক্ষাৰ্থীসকল একলব্যৰ দৰে একাগ্ৰ হোৱা উচিত ।অনুষ্ঠানৰ আৰম্ভণিতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰধান আচাৰ্য তথা বিশিষ্ট সংগীত শিল্পী নৱজ্যোতি শৰ্মা বৰুৱাই । ব্যংগ কবি দুৰ্গেশ্বৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সাংবাদিক দীপেন শইকীয়া,ৰূপম নাথ আৰু শিক্ষক লাহিৰাম বৰা উপস্থিত থাকে । বিদ্যা নিকেতনৰ ছাত্ৰী জ্যোতিস্মৃতা কাকতিৰ গীত পৰিৱেশনৰ লগতে অন্যান্য ছাত্ৰ-ছাত্ৰীৰ গীত-মাতে সমগ্ৰ পৰিৱেশ জীপাল কৰি তোলে ।
এই অনুষ্ঠানতে পূৰ্বে অনুষ্ঠিত বিষ্ণু প্ৰসাদ ৰাভাৰ গীত,কবিতাৰ লগতে চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয় । ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক উপস্থিত থকা অনুষ্ঠানটিত জাতীয় সংগীত পৰিৱেশনৰে কাৰ্যসূচীৰ সামৰণি মৰা হয় । উল্লেখ্য যে বিদ্যা নিকেতনখনৰ আচাৰ্য অৱিনাশ দাসৰ মুখ্য সম্পাদনা আৰু ৰক্তিম কুমাৰ নাথৰ সম্পাদনাত “অৰ্ক”ৰ প্ৰকাশ পাইছে ।