আজি অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ফুলগুৰিৰ ধেৱাই ১৬০ বছৰত ভৰি দিলে। ১৮৬১ চনৰ ১৮ অক্টোবৰ তাৰিখে নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰি অঞ্চলত বিদ্ৰোহ সংঘটিত হয়।
১৮৬১ চনত ব্ৰিটিছ চৰকাৰে আফু খেতিৰ ওপৰত নিষেধজ্ঞা আৰোপ কৰিছিল। ফুলগুৰি অঞ্চলৰ তিৱা সম্প্ৰদায়ৰ লোক আফু খেতিৰ ওপৰত নিৰ্ভৰশীল আছিল। ইয়াৰ উপৰিও ব্ৰিটিছে তামোল পাণৰ ওপৰতো কৰ বৃদ্ধি কৰিছিল।
আফু খেতিৰ ওপৰত কৰা নিষেধজ্ঞা আৰু তামোল পাণৰ ওপৰত অত্যাধিক কৰৰ প্ৰতিবাদত স্থানীয় কৃষকসকলে সভা সমিতি পাতি জনতাক সজাগ কৰি বহু মত গঠন কৰিছিল। পোন্ধৰ অক্টোবৰৰ পৰা একেৰাহে পাঁচদিনীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত হাতত লৈছিল। আৰক্ষীয়ে চেষ্টা কৰাৰ পিছতো এই জন সমাগমক প্ৰতিৰোধ কৰিবলৈ অক্ষম হয়।
১৮ তাৰিখৰ প্ৰতিবাদী সভা ভংগ কৰিবলৈ এছিছটেণ্ট কমিছনাৰ লেফটেনেণ্ট চিংগাৰে ঘোঁৰাত উঠি প্ৰতিবাদী এলেকাত উপস্থিত হৈ সভা ভংগৰ আদেশ দিয়ে। পিছে চিংগাৰৰ আদেশ অমান্য কৰাত লগত যোৱা পুলিচক বাধা আৰোপ কৰিবলৈ আদেশ দিয়ে। পুলিচৰ আক্ৰমণত জনতাই ওলোটাই লাঠিৰে আক্ৰমণ কৰে। মৈৰাসিং নামৰ এজন লোকে প্ৰথমে চিংগাৰক লাঠীৰে আক্ৰমণ কৰে। শেষত দলবদ্ধ লাঠী আক্ৰমণত চিংগাৰৰ মৃত্যু হয়। প্ৰতিবাদী জনতাই দেহটো কলং নৈত উটুৱাই দিয়ে।
প্ৰতিবাদী জনতাই ৰহা আৰক্ষী চকী অধিকাৰ কৰি দাৰোগা গোলাপ সিঙক ধাৰাশায়ী কৰি আধা মৰাকৈ কলঙত উটুৱাই দিয়ে।
শেষত চেকেণ্ড আছাম ইনফেনট্ৰিৰ কামাণ্ডাৰ কেম্পবেলৰ সৈন্যৰ হাতত বিদ্ৰোহীসকল ধাৰাশায়ী হয়। বহুলোকে প্ৰাণ হেৰুৱাই। পিছত ঘটনাত জড়িত ৩১ লোকক আটক কৰি দহ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হয়।
আজি ১৬০ বছৰ সম্পূৰ্ণ হ’ল ফুলগুৰি ধেৱাৰ। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত হয়তো ফুলগুৰিৰ ধেৱা হৈছে এক উল্লেখযোগ্য ঘটনা। ব্ৰিটিছৰ বিৰুদ্ধে অসমত গঢ় লৈ উঠা এই সংগ্ৰাম ভাৰতীয় বুৰঞ্জীত কিছু উপেক্ষিত যেন পৰিলক্ষিত হয়।