ব’হাগ মাহৰ স্নিগ্ধ পূৰ্ণিমা। নেপালৰ অন্তৰ্গত কপিলাবস্তুৰ ৰজা শুদ্ধোধনৰ পত্নী মায়া দেৱীৰ গৰ্ভত লুম্বিনী বনত জন্ম গ্ৰহণ কৰিছিল এটি জ্যোতিষ্মান শিশু– সিদ্ধাৰ্থ।
সিদ্ধাৰ্থ ডাঙৰ হৈ অপৰ্যাপ্ত ধন-সম্পদ , ৰাজ-ঐশ্বৰ্য আনকি অতি মৰমৰ সুন্দৰী পত্নী তথা নিজৰ পুত্ৰকো ত্যাগ কৰি ওলাই আহিছিল ঘৰৰ পৰা। লাহ-বিলাসত জীৱন কটোৱা সিদ্ধাৰ্থই যেতিয়া জীৱনৰ দুখ-কষ্ট আৰু মৃত্যুৰ চৰম সত্যৰ বিষয়ে জানিবলৈ পাইছিল , তেতিয়া মানৱৰ শান্তিৰ বাবে , সকলো দুখ -যন্ত্ৰনাৰ পৰা মুক্তিৰ সমাধান বিচাৰি তেওঁ ত্যাগ , ধৈৰ্য আৰু কঠোৰতম সাধনাৰ অন্তত ব’হাগ মাহৰ পূৰ্ণিমা তিথিত সিদ্ধি লাভ কৰি অৰ্থাৎ বুদ্ধত্ব প্ৰাপ্ত হৈ বুদ্ধদেৱ হ’ল। বিশ্বৰ সকলো মানৱক তেওঁৰ জ্ঞানেৰে সত্যৰ সন্ধান দি , পৃথিৱীত মানৱতাবাদ প্ৰ
চাৰ কৰি মানুহক তেওঁলোকৰ চিৰকলীয়া দুখ-যন্ত্ৰনাৰ পৰা পৰিত্ৰাণৰ উপায় দি আকৌ সেই একেটা তিথিতেই নশ্বৰ দেহ ত্যাগ কৰে। এইজনা সিদ্ধ পুৰুষৰ জন্ম , জ্ঞান প্ৰাপ্তি আৰু মৃত্যুৰ পৱিত্ৰ তিথি ব’হাগ মাহৰ পূৰ্ণিমা তিথিটোক তেওঁৰ নামেৰে পৱিত্ৰ ‘বুদ্ধ পূৰ্ণিমা’ জ্ঞান কৰি গোটেই বিশ্বতেই শান্তিৰ উৎসৱ ৰূপে পালন কৰা হয়।
গৌতম বুদ্ধ আছিল পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ দেৱদুত। ত্যাগ আৰু সাধনাৰ অন্তত লাভ কৰা দিব্যজ্ঞানৰ সমগ্ৰ বাণীয়েই বুদ্ধৰ দৰ্শনলৈ পৰিৱৰ্তিত হৈ সেই বাণীৰ আধাৰতে মানৱ সমাজৰ মাজত প্ৰচাৰ হ’বলৈ ধৰিলে বৌদ্ধ ধৰ্ম। বৌধ ধৰ্ম প্ৰকৃততে হ’ল মানৱ জ্ঞান। পোহৰৰ দ্বাৰা যেনেকৈ এন্ধাৰ নাশিব পাৰি , জ্ঞানৰ দ্বাৰা অজ্ঞানতা আঁতৰ কৰিব পাৰি আৰু শান্তিৰ দ্বাৰা অশান্তি অৱসান ঘটাব পাৰি — সেইটোৱে মানৱ জাতিৰ বাবে পৰম সত্য। এই সত্যকে সাৰথি কৰি বুদ্ধই পৃথিৱীত বিলাইছিল তেওঁৰ সাধনালব্ধ জ্ঞানেৰে শান্তি-মৈত্ৰীৰ মহাবাণী। সংসাৰত শান্তি স্থাপনৰ বাবে বুদ্ধই সম্যক দৃষ্টি , সম্যক সংকল্প , সম্যক কৰ্ম, সম্যক বাক্য , সম্যক জীৱিকা , সম্যক ব্যায়াম , সম্যক স্মৃতি আৰু সম্যক সমাধি — আঠোটা মাৰ্গৰ নিৰ্দেশ দিছে। এই আঠোটা মাৰ্গ যদি বিশ্বৰ সৰ্বপ্ৰান্তৰ সকলো মানৱে গ্ৰহণ কৰে , তেন্তে এই পৃথিৱীত গঢ় লৈ উঠিব সৰ্বসুন্দৰ প্ৰকৃত মানৱৰ মানবতাবাদী সমাজ।
বুদ্ধৰ শিক্ষাত আছিল সকলো প্ৰাণীৰ প্ৰতি দয়া , কৰুণা আৰু মৈত্ৰীৰ বাণী। দয়াই সকলো প্ৰাণীকে মৰম কৰিবলৈ শিকায় , কৰুণাই সদায় মৰমেৰে সহায়ৰ হাত আগবঢ়ায় আৰু মৈত্ৰীয়ে দিয়ে অভয়। প্ৰকৃততে এই তিনিবিধ সম্পদেই বিশ্ব শান্তিৰ মূল চালিকা শক্তি আৰু প্ৰকৃত মানৱতাবাদ। সেয়েহে বুদ্ধৰ শিক্ষাক বিশ্ব শান্তিৰ মূল পাঠ বুলি অভিহিত কৰা হয়।
সমগ্ৰ বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলে সমূহীয়াভাৱে ‘বুদ্ধ পূৰ্ণিমা’ ৰ দিনাখন বৌদ্ধ বিহাৰবোৰত বিশ্বশান্তি ‘ বুদ্ধ পতাকা’ উত্তোলন কৰে। সাধাৰণতে বৌদ্ধ ধৰ্ম প্ৰভাৱিত দেশবোৰত – চীন , জাপান , থাইলেণ্ড , ভূটানত বৌদ্ধ পূৰ্ণিমাৰ দিনাখন অতি আড়ম্বৰপূৰ্ণভাৱে বুদ্ধ শান্তি পতাকা উত্তোলন কৰি বিশ্বৰ শান্তি তথা মানৱৰ মংগল কামনা কৰে।
পৃথিৱীৰ সমগ্ৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ দৰে অসমৰ বৌদ্ধ ধৰ্মী সকলেও তেওঁলোকৰ বিহাৰত ( প্ৰাৰ্থনা গৃহত) বুদ্ধ পূৰ্ণিমা তিথিত বিশ্ব শান্তিৰ বাবে বুদ্ধ পতাকা উত্তোলন কৰি আহিছে। এই পতাকাত সন্নিৱিষ্ট হৈ আছে পাঁচোটা বিশেষ ৰং আৰু এই পাঁচোটা ৰঙৰ সন্মিলিত একক ৰং। পতকাত থকা – নীলা , পীত (হালধীয়া) , লোহিত ( গাঢ় ৰঙা ) , ওদাত (বগা ) , মজ্জিতা ( গাঢ় হালধীয়া ) আৰু পভাসসৰসে (এই পাঁচ ৰঙৰ একক ৰূপ) । ক্ৰমে – মৈত্ৰী , ত্যাগ , বীৰ্য , শান্তি , অহিংসা আৰু বুদ্ধৰ বত্ৰিশ লক্ষণক নিৰ্দেশ কৰি বুদ্ধৰ সমগ্ৰ জীৱন সত্তাক প্ৰতিপন্ন কৰিছে।
অসম-ভাৰতৰ হিন্দুধৰ্মী লোক সকলেও বুদ্ধক ভগৱানৰ এক অৱতাৰ বুলি জ্ঞান কৰি বুদ্ধ পূৰ্ণিমা তিথিটোক পৱিত্ৰ তিথি বুলি গণ্য কৰি ভক্তিৰে ( কিছুমানে উপবাস খাটে ) দিনটো অতিবাহিত কৰি পালন কৰে। ঠাই বিশেষে বিভিন্ন নামঘৰ , ধৰ্মীয় প্ৰাংগণ আদিত নাম-প্ৰসংগ অনুষ্ঠিত কৰিও বুদ্ধ ভগৱন্তৰ স্মৃতি সোঁৱৰণ কৰি সকলোৱে ভগৱন্তৰ পৰা শান্তি-মংগল কামনাৰে আশীৰ্বাদ লয়।