কৰ্ণাটক উচ্চ ন্যায়ালয়ে ন্যায় দান কৰাৰ কেইঘণ্টামানৰ পিছতেই আজি হুবলিৰ ঈদগাহ ময়দানত কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত উদযাপন কৰা হৈছে গণেশ চতুৰ্থী । বৈদিক স্তোত্ৰৰ শ্লোগানৰ মাজতে শ্ৰীৰাম সেনাৰ মুৰব্বী প্ৰমোদ মুথালিকে তেওঁৰ সমৰ্থকসকলৰ সৈতে ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰি প্ৰাৰ্থনা কৰে।
শ্ৰীযুত মুথালিকে পূজা মণ্ডপত সাংবাদিকসকলক কয় যে তেওঁলোকে আইনী ভাৱে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতহে প্ৰাৰ্থনা কৰিব লগা হৈছিল। কাৰণ কিছু দুৰ্বৃত্তই তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল ৷ অৱশ্যে তেওঁলোকে সুকলমে পূজা সম্পন্ন কৰা বুলিও জানিবলৈ দিয়ে ৷ তেওঁ লগতে কয় যে এইটো কেৱল হুবলীৰ লোকসকলৰ বাবেই নহয় সমগ্ৰ উত্তৰ কৰ্ণাটকৰ বাবেও এক আনন্দৰ বিষয় ।
হিন্দু সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া সপোন বোৰ পূৰণ হোৱাৰ বাবে শ্ৰীযুত মুথালিকে এই দিনটোক এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে।তেওঁৰ মতে, জিলা প্ৰশাসনে সেই স্থানত তিনিদিনৰ বাবে পূজা কৰাৰ অনুমতি প্ৰদান কৰিছে।আনহাতে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ ইদগাহ খেলপথাৰত ব্যাপক নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কালি নিশা প্ৰদান কৰা এক শুনানিত উচ্চ ন্যায়ালয়ে ধাৰৱাদ পৌৰ আয়ুক্তৰ এক নিৰ্দেশ বজাই ৰাখি চহৰখনৰ ঈদগাহ ময়দানত গণেশ চতুৰ্থী উৎসৱ অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে।
এই সন্দৰ্ভত ন্যায়াধীশ অশোক এছ কিনাগীয়ে কৈছিল যে এই সম্পত্তি ধাৰৱাদ পৌৰসভাৰ আছিল কিন্তু ‘অঞ্জুমান-ই-ইছলাম’ এ প্ৰতি বছৰে ১টকা মাচুলত ৯৯৯ বছৰৰ বাবে ইয়াক লীজত লৈছিল।
আনহাতে অঞ্জুমান-ই-ইছলামে দাবী কৰিছে যে ‘উপাসনা স্থান আইন, ১৯৯১’ ৰ অধীনত কোনো ধৰ্মীয় উপাসনাস্থলী ৰূপান্তৰ কৰিব নোৱাৰি আৰু সেয়েহে এই আইনৰ মতে এই সম্পত্তি সম্পূৰ্ণৰূপে সুৰক্ষিত ।
ইফালে উচ্চ ন্যায়ালয়ে এই সম্পত্তিৰ ক্ষেত্ৰত কৈছিল যে ই কেতিয়াও ধৰ্মীয় উপাসনাস্থলী নাছিল ৷ কেৱল বকৰিদ আৰু ৰমজানৰ সময়তহে এই ময়দানত প্ৰাৰ্থনাৰ বাবে অনুমতি দিয়া হৈছিল। আন সময়ত, ইয়াক বজাৰ আৰু পাৰ্কিং লটৰ দৰে উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল।