গুৱাহাটী ৰেলৱে’ পুলিচৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাস আৰু ৰেলৱে’ পুলিচ ফ’ৰ্চৰ পৰিদৰ্শক খগেন বসুমতাৰীৰ নেতৃত্বত যুটীয়া অভিযানত গুৱাহাটী ৰেল ষ্টেচনত আগৰতলা-বাংগালোৰ হামচফৰ এক্সপ্ৰেছৰ পৰা প্ৰায় ১০কেজি ওজনৰ গাঞ্জা জব্দ কৰা হয় ৷ জব্দকৃত গাঞ্জাখিনিৰ মূল্য কেইবালক্ষ টকা বুলি ধাৰণা কৰা হৈছে ৷
এইবাৰ গাঞ্জাৰ অবৈধ ব্যৱসায়ৰ ক্ষেত্ৰত গুৱাহাটী ৰেলৱে’ ষ্টেচনক সৰবৰাহকাৰী সকলে ক’ৰিডৰ হিচাপে বাচি লোৱা দেখা পোৱা গৈছে ৷ ষ্টেচনত দেওবাৰে দুপৰীয়া ৰে’ল আৰক্ষীৰ নিয়মীয়া তালাচীত ৩নং প্লেটফৰ্মত জব্দ হয় এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি ৷
উল্লেখ্য যে গাঞ্জাখিনিৰ সৈতে আটক কৰা হোৱা নাই কোনো লোকক ৷ অৱশ্যে উক্ত ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷