গুৱাহাটীৰ গাড়ীগাৱত এগৰাকী কিশোৰীক ব্লেকমেইলিং কৰি ধর্ষণ কৰা গোচৰত অভিযুক্ত পাচ পাষণ্ডৰ মুল অভিযুক্ত বিকি আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ গোচৰ ৰুজু হোৱাৰ পাছতে আত্মগোপন কৰা বিকিক আৰক্ষীয়ে দামপুৰ পাহাৰত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ৷ বর্তমান বিকিক দামপুৰৰ পৰা আনি জালুকবাৰী আৰক্ষী থানাত ৰখাৰ লগতে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বিশেষকৈ এই ধর্ষণ কাণ্ডত অভিযুক্ত পলাতক আন চাৰি অভিযুক্তৰ সন্ধানত বিকিক সোধপোচ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীতে বিকিয়ে প্ৰেমিকা কিশোৰীগৰাকীক নিজৰ ঘৰলৈ আনি আন চাৰি বন্ধুৰ সৈতে ধর্ষণ কৰে ৷ এই ধর্ষণ কাণ্ডৰ ভিডিঅ’ বনাই কিশোৰী গৰাকীক ব্লেকমেইলিং কৰি বিকিয়ে পুনৰ আদাবাৰীৰ এখন হোটেললৈ মাতি আনি তেওঁক ধর্ষণ কৰে ৷ পৰৱর্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত কিশোৰী গৰাকীয়ে যোৱা ৮ মার্চত পাণবজাৰ মহিলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে ৷ গোচৰ ৰুজু কৰাৰ পাছতে বিকিসহ পাচ অভিযুক্তই আত্মগোপন কৰিছিল ৷ এই ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷