গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাসমূহ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে অনুষ্ঠিত কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।
কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰীকে ধৰি প্ৰতিটো শাখাৰে স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাসমূহ অহা ২০ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব।
এই কথা বিশ্ববিদ্যালয়খনে এক চৰকাৰী বিবৃত্তিযোগে প্ৰকাশ কৰিছে।
বিবৃতিটোত এই কথাও উল্লেখ কৰা হৈছে যে বিশ্ববিদ্যালয়ে আইডলকে ধৰি সকলো নিয়মীয়া আৰু এৰিয়াৰ শিক্ষাৰ্থীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব।
গুৰুত্বপূৰ্ণ যে পূৰ্বতে ক’ভিড ১৯ মহামাৰীৰ বাবে পৰীক্ষাবোৰ বাতিল কৰা হৈছিল। পৰীক্ষাৰ তাৰিখ ঘোষণাই ছাত্ৰ-ছাত্ৰীসকলক সকাহ প্ৰদান কৰিব বুলি সংশ্লিষ্ট মহলে উল্লেখ কৰিছে।