৯০ৰ দশকত কাশ্মিৰী পণ্ডিতসকলৰ ওপৰত চলা অকথ্য নির্যাতনক লৈ নির্মান কৰা বহু বিতর্কিত ছবি “দ্যা কাশ্মীৰ ফাইলছ” চাবলৈ অর্ধছুটী লাভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কর্মচাৰী তথা বিষয়াসকলে ৷ বিশ্ববিদ্যালয়খনৰ উপাচার্যৰ অনুমতি সাপেক্ষে সংশ্লিষ্ট কতৃপক্ষই আনুষ্ঠানিক ভাৱে এই সন্দর্ভত জাৰি কৰিছে জাননী ৷ ছবিখন চোৱাৰ বাবে শিক্ষক,বিষয়া তথা কর্মচাৰী সকলে সংশ্লিষ্ট কতৃপক্ষৰ পৰা আগতীয়া অনুমতি লৈ ছবিখন উপভোগৰ বাবে অর্ধছুটী লাভ কৰিব পাৰিব ৷ ছবিখন চোৱাৰ পাছত তেওঁলোকে দাখিল কৰিব লাগিব কতৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব চিনেমাহলৰ টিকট ৷
বছৰটোত চৰকাৰী নিয়ম অনুসৰি লাভ কৰা অন্যান্য ছুটীসমূহৰ লগতে এই অর্ধছুটী অতিৰিক্ত ভাৱে লাভ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক, বিষয়া আৰু কর্মচাৰীসকলে ৷ স্বাভাৱিকতে গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষই জাৰি কৰা এই জাননীয়ে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ক’ভিদ মহামাৰীয়ে শিক্ষার্থীসকলৰ অভুতপূর্ব ক্ষতি কৰাৰ সময়তে এখন বিশেষ ছবি চাবলৈ অর্ধছুটী ঘোষণা কৰা কার্য কিমান যুক্তিকৰ তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ৷ সময়ত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা তথা ফলাফল ঘোষণাৰ বিলম্বক লৈ সঘনাই বিতর্কত সোমাই পৰা বিশ্ববিদ্যালয়খনৰ এই কার্যক সামাজিক মাধ্যমতো সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷