মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে গাজা ৷ নিতৌ ইজৰাইলৰ আক্ৰমণত নিহত হৈছে শ-শ লোক ৷পুনৰ ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰিপৰ এটা গীৰ্জা ক্ষতিগ্ৰস্ত হয়। এই কথা দাবী কৰিছে পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনী হামাছে। ইজৰাইলৰ আক্ৰমণত গীৰ্জাৰ চৌহদত আশ্ৰয় লোৱা কেইবাজনো লোক নিহত আৰু আহত হোৱা বুলিও দাবী কৰে। হামাছৰ নিয়ন্ত্ৰিত স্বৰাজ মন্ত্ৰালয়ে বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত কৰে এই আক্ৰমণ।
সংবাদ সংস্থা এ এফ পিৰ এক প্ৰতিবেদন অনুসৰি প্ৰত্যক্ষদৰ্শীয়ে কয় যে ইজৰাইলী বাহিনীয়ে গীৰ্জাঘৰৰ ওচৰৰ এটা অঞ্চলত আক্ৰমণ কৰিব বিচাৰিছে। কিন্তু মিছাইলটো গীৰ্জাৰ ওপৰত বিস্ফোৰণ ঘটে ৷ ইজৰাইল-হামাছ সংঘাতত ক্ষতিগ্ৰস্ত হোৱা গাজাৰ বহু পৰিয়ালে সেই গীৰ্জাত আশ্ৰয় লৈছিল। হামাছে দাবী কৰিছে যে এই আক্ৰমণত বহু শৰণাৰ্থী নিহত আৰু আহত হৈছে।
অৱশ্যে এই সন্দৰ্ভত ইজৰাইলৰ সেনাই এতিয়াও কোনো মন্তব্য কৰা নাই। অৱশ্যে ইজৰাইলৰ এজন সামৰিক বিষয়াই এ এফ পিক জনোৱা মতে, ইজৰাইলে কোনো আক্ৰমণ সংঘটিত কৰিছে নে নাই সেই বিষয়টোৰ তদন্ত চলি আছে।
যোৱা ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ-ইজৰাইলৰ সংঘাতে ক্ৰমান্বয়েগুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ সেই সংঘাতৰ সৈতে সমগ্ৰ বিশ্বই কাৰ্যতঃ দুটা মেৰুত বিভক্ত হৈছে। ইতিমধ্যে ইজৰাইল-হামাছ যুদ্ধত মৃত্যুৰ সংখ্যা ৩৫০০ অতিক্ৰম কৰিছে। আহতসকলৰ সংখ্যা ১২ হাজাৰ অতিক্ৰম কৰিছে। মঙলবাৰে গাজাৰ আল আহলি হাস্পতালত ক্ষেপণাস্ত্ৰই আঘাত কৰে। সেই ঘটনাত সমগ্ৰ বিশ্বই স্তম্ভিত হৈ পৰিল। গাজাৰ চিকিৎসালয়খনত হোৱা আক্ৰমণক সকলো দেশেই গৰিহণা দিছে। এই আক্ৰমণৰ পিছত হামাছে ‘মিলন’ৰ বাৰ্তা প্ৰদান কৰে। যদি ইজৰাইলে গাজাত সামৰিক আগ্ৰাসন তৎক্ষণাত বন্ধ কৰে তেন্তে সেই দেশৰ বন্দীসকলক মুকলি কৰি দিব। ইজৰাইলে অৱশ্যে চিকিৎসালয়খনত সংঘটিত আক্ৰমণৰ দায়িত্ব ল’বলৈ অস্বীকাৰ কৰিছে। এই ঘটনাৰ বাবে তেওঁলোকে হামাছক দোষাৰোপ কৰে। এই পৰিৱেশতেই গাজাৰ গীৰ্জাঘৰত পুনৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱা হ’ল ৷