চলিত বিত্তীয় বর্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন(জি ডি পি) ৮.৩ শতাংশলৈ বৃদ্ধি পাব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে বিশ্ব বেংকে৷ শেহতীয়াকৈ প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দেশত বিকাশ ঘটিব ৰাজহুৱা বিনিয়োগ খণ্ড আৰু নির্মাণ খণ্ডৰ৷ কোভিদৰ সংক্ৰমনৰ বাবে ভাঙি পৰা অর্থনীতি উদ্ধাৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা সেৱা খণ্ডক প্ৰধান্য দিয়া পদক্ষেপক সমর্থ কৰিছে বিশ্ব বেংকে৷ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই বিত্তীয় বর্ষত প্ৰকৃত জি ডি পি ৮.৩ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱানা আছে৷যোৱা জুনত প্ৰকাশ কৰা সম্ভাৱনাৰ সৈতে এই হাৰ একেই৷ অবশ্যে যোৱা মার্চত প্ৰকাশ কৰা সম্ভৱনাতকৈ এই হাৰ ১.৮ শতাংশ কম৷ ৰিজার্ভ বেংকে এই বিকাশৰ হাৰ ৯.৫ শতাংশ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে৷ একে সময়তে চৰকাৰী বিষয়াসকলে এই হাৰ ১০ শতাংশলৈকে বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে৷
ঘৰুৱা চাহিদা পুৰণৰ বাবে ৰাজহুৱা বিনিয়োগ বৃদ্ধি আৰু নির্মাণ খণ্ডৰ বিকাশৰ বাবে ঘোষণা কৰা উদ্গনিমুলক আচনিৰ বাবে এই উৎপাদন বৃদ্ধি হ’ব বুলি ভবা হৈছে৷ বিশ্ব বেংকৰ দক্ষিণ এছিয়াৰ মুখ্য অর্থনীতিবিদ হেনছ টিমাৰে কয় যে কোভিড সংকটৰ পাছত বিশ্ব বেংকে প্ৰকাশ কৰা গোলকীয় প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই বিকাশৰ হাৰৰ সম্ভাৱনা উল্লেখ কৰা হৈছে৷