নিবনুৱাক সংস্থাপনৰ লক্ষ্যৰে ছিপাঝাৰৰ গৰুখুটিত স্থাপন কৰা অভিলাষী কৃষি প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে ৷ শাক পাচলিৰ পৰা আৰম্ভ কৰি মৎস্য পালনলৈকে বিভিন্ন পৰিকল্পনা কৰা হৈছে এই প্ৰকল্পটোত ৷ তদুপৰি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সুচনা কৰিবলৈ আগবাঢ়িছে এই কৃষি প্ৰকল্প ৷ ইয়াৰ অংশ হিচাপে গুজৰাটৰ পৰা ২০০০ জনী গীৰ গাই আনিবলৈ অসম আৰু গুজৰাট চৰকাৰৰ মাজত আলোচনা সম্পন্ন হৈছে ৷ ইয়াৰ ভিত্তিত আজি গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হ’ল গীৰ গাই।গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে আনিবলগীয়া মুঠ ২০০০জনী গীৰ গাইৰ ভিতৰত ১০৮জনী গীৰ গাই বৃহস্পতিবাৰে পুৱা ৰেলযোগে অসমলৈ অনা হৈছে ।ৰেলযোগে ৰঙিয়ালৈ আজি পুৱাতে অনাৰ পিছত গীৰ গাই কেইজনী ট্ৰাকেৰে গৰুখুঁটি প্ৰকল্পলৈ লৈ যোৱা হয় ৷ এই গাইসমূহৰ তদাৰকৰ বাবে গুজৰাটৰ পৰা ৬জন বিশেষজ্ঞসহ মুঠ ১৬জন কৰ্মীও গৰুখুঁটিলৈ আহিছে।প্ৰথম পৰ্যায়ত পাঁচশ গীৰ গাই অসমলৈ অনা হব।উল্লেখযোগ্য যে চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। গৰুখুটি কৃষি প্ৰকল্পলৈ তিনি লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য বান্ধি লৈছে।গৰুখুটি প্ৰকল্পতে মাছ, মাংস, কণী, হাঁহ, কুকুৰা,পাৰ, গাহৰি সকলো উপলব্ধ হ’ব।অহা ২৭ নৱেম্বৰত গৰুখুটি প্ৰকল্পত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীগৰাকীয়ে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ ল’ব ৷