ইটালীৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈছে প্ৰথমগৰাকী মহিলা ৷ দেওবাৰৰ নিৰ্বাচনত জয়লাভ কৰি দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইটালীৰ সোঁপন্থী চৰকাৰক নেতৃত্ব দিব জৰ্জিয়া মেল’নিয়ে। অৱশ্যে প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কেইবাটাও প্ৰত্যহ্বানৰ সন্মুখীন হ’ব ৷ শক্তিৰ মূল্য বৃদ্ধি, ইউক্ৰেইনৰ যুদ্ধ আৰু ইউৰো মণ্ডলৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ পুনৰ মন্দাৱস্থাকে ধৰি গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নতুন চৰকাৰ ৷
সোমবাৰে পুৱা ৪৫ বছৰীয়া মেল’নিয়ে তেওঁৰ জাতীয়তাবাদী ব্ৰাদাৰ্ছ অৱ ইটালী দলৰ উল্লাসিত সমৰ্থকসকলক কয় –‘আমি মনত ৰাখিব লাগিব যে আমি শেষ বিন্দুত নাই, আমি আৰম্ভণিৰ বিন্দুত আছো।কাইলৈৰ পৰাই আমি আমাৰ মূল্য প্ৰমাণ কৰিব লাগিব ৷ যদি আমাক এই জাতিটো শাসন কৰিবলৈ আহ্বান জনোৱা হয় তেন্তে আমি সকলোৱে ইটালীৰ বাবে কাম কৰিম ৷ আমাক বিভাজিত কৰাতকৈ আমাক একত্ৰিত কৰা বিষয়ত মনোনিৱেশ কৰাৰ লক্ষ্যৰে দায়িত্বশীল হোৱাৰ সময়।”