গুৱাহাটী ৰাজ্যিক চিৰিয়াখানাত বৃহস্পতিবাৰে নিশা ডিঙিত ফাঁচ লাগি অস্বাভাৱিক ভাৱে মৃত্যুক আকোৱালি লয় এনি নামৰ জিৰাফটোৱে ৷গঁৰালৰ ভিতৰতে মৃত্যু হোৱা জিৰাফটোক কেন্দ্ৰ কৰি চিৰিয়াখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে ৷চিৰিয়াখানাৰ ভিতৰতো জীৱ-জন্তু নিৰাপদ নহয় নেকি সেই কথাও এক প্ৰশ্নবোধক হৈ পৰিছে বৰ্তমান সময়ত ৷
এবছৰৰ পূৰ্বে চিৰিয়াখানালৈ অনা হৈছিল দুটা জিৰাফ ৷ তাৰে ভিতৰত মাইকী জিৰাফ এনিৰ মৃত্যুত চিৰিয়াখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে পৰিচালনাত গাফিলতি কৰা বুলি উত্থাপিত হৈছে অভিযোগ ৷
ইতিমধ্যে এনিৰ এই অস্বাভাৱিক মৃত্যুৰ তদন্তৰ নিৰ্দেশ দিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷চিৰিয়াখানাৰ বন বিষয়াই জানিবলৈ দিয়া মতে মহীশূৰৰ পৰা অনা হৈছিল ৪বছৰীয়া জিৰাফটো ৷এনিৰ মৃত্যুৰ ৰহস্য এতিয়াও উদ্ঘাটন কৰিব পৰা নাই যদিও ইতিমধ্যেই তদন্তৰ ঘোষণা কৰা হৈছে আৰু তদন্তৰ পিছতেই পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত ৰহস্য ৷