গুৱাহাটী, ১৮ জানুৱাৰী: কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষ্যে সপ্তাহ জোৰা কাৰ্যসূচীৰ শুভ উদ্বোধন কৰা হয় । অতিৰিক্ত উপায়ুক্ত কল্পনা বেকাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী যেনে শিশু সুৰক্ষা তথা শিশু লিঙ্গ অনুপাতৰ ওপৰত বিশেষ গাঁও সভা, সংবাদ মাধ্যমৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে আলোচনা চক্ৰ, বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত আন্তঃ বিদ্যালয় ক্ৰীড়া তথা আন আন প্ৰতিযোগিতা ইত্যাদি অনুষ্ঠিত কৰাৰ বিষয়ে আজি সিদ্ধান্ত লোৱা হয়।
উক্ত সভাত বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ বিষয়া উপস্থিত থাকি সপ্তাহ জোৰা কাৰ্যসূচী সফল ভাবে ৰূপায়ন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। অনুষ্ঠানৰ শেষত কন্যা শিশুৰ সুৰক্ষা আৰু সম অধিকাৰৰ ওপৰত শপত বাক্য পাঠৰ লগতে হস্তাক্ষৰ অভিযান অনুষ্ঠিত কৰা হয়।