গুৱাহাটী মহানগৰীৰ সকলো পথ বিক্ৰেতাক অতি শীঘ্ৰেই পৰিচয় পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী পৌৰ নিগমে (জিএমচি) । গুৱাহাটী পৌৰ নিগমৰ সূত্ৰ অনুসৰি গুৱাহাটী মহানগৰীত প্ৰায় ১৪,০০০ পথ বিক্ৰেতা আছে যি সকলক চলিত বৰ্ষৰ ৩১ মাৰ্চৰ আগতে এই পৰিচয় পত্ৰসমূহ প্ৰদান কৰা হ’ব।
এক জৰীপ সম্পন্ন কৰাৰ পিছত পথ বিক্ৰেতা আইন ২০১৪ অনুসৰি পৰিচয় পত্ৰ প্ৰদান কৰা হ’ব মহানগৰীৰ পথ বিক্ৰেতা সকলক। জানিব পৰা মতে এই সন্দৰ্ভত শীঘ্ৰেই এক এছ.অ’.পি. প্ৰকাশ কৰা হ’ব ৷ উল্লেখযোগ্য যে ২০১৫ চনত ১০০ ৰ পৰা ১০৫ জন বিক্ৰেতাক পৰিচয় পত্ৰ প্ৰদান কৰা হৈছিল অৱশ্যে এই কাৰ্ডবোৰো এতিয়া পুনৰীক্ষণ কৰা হ’ব।