মহানগৰীৰ একাংশ স্পাত দেহ ব্যৱসায় চলি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে মহানগৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে অভিযান অধিক তীব্ৰতৰ কৰি তুলিছে ৷ বুধবাৰে পাণবজাৰ মহিলা আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে অভিযান চলায় মহানগৰীৰ ৬ খন স্পাৰ পৰা ১৬ গৰাকী যুৱতীক আটক কৰিছিল . লগতে ৬ খন স্পাৰ মালিকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ দৰিদ্ৰ পৰিয়ালৰ যুৱতীক ধনৰ প্ৰলোভনেৰে এই স্পাসমূহত দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু এই জালখন বিয়পি পৰিছে সমগ্ৰ ৰাজ্যলৈ ৷ মহানগৰীৰ স্পাসমূহলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা একাংশ মধ্যস্থতাকৰীয়ে যুৱতী যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ পাণবজাৰ মহিলা আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰত এগৰাকী মহিলাক যোৰহাটত গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই তথ্য ৷
আজি ক্ৰাইম ব্ৰাঞ্চে যোৰহা্টত অভিযান চলায় পল্লবী দাস নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা অনুসৰি পল্লৱীয়ে কালি অভিযান চলোৱা মহানগৰীৰ স্পাসমূহলৈ যুৱতী যোগান ধৰিছিল ৷ স্পাত দেহ ব্যৱসায় চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱা জানমণি দাসক পল্লৱীয়ে যোগান ধৰিছিল যুৱতী ৷ ভুক্তভোগী যুৱতীৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে পল্লৱীক ৷ যোৰহাটতো ধৃত পল্লৱীয়ে এখন স্পা চলাই আহিছে ৷ এই স্পাতো পল্লৱীয়ে দেহ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷