মঙলবাৰে মস্কোৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ব্ৰিকছ (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন, দক্ষিণ আফ্ৰিকা) শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকালৈ নাযায়। যদিও ক্ৰেমলিনে কোনো ‘কাৰণ’ দিয়া নাই, তথাপিও কূটনৈতিক মহলৰ একাংশই বিশ্বাস কৰে যে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ পুটিনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
ইউক্ৰেইনত যুদ্ধাপৰাধ, গণহত্যা আৰু শিশুক বলপূৰ্বকভাৱে স্থানান্তৰিত কৰাৰ অভিযোগত আন্তৰ্জাতিক ফৌজদাৰী আদালতে পুটিনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। যোৱা মাৰ্চ মাহত গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল। প্ৰথমে উৰাবাতৰি প্ৰচাৰ হৈছিল যে দক্ষিণ আফ্ৰিকাই আইচিচিৰ চুক্তি ভংগ কৰিব। তেওঁলোকে পুটিনক গ্ৰেপ্তাৰ নকৰে। কিন্তু সেই দেশৰ বিৰোধী দল-সংগঠন আৰু মানৱ অধিকাৰ সংগঠনে এই বিষয়ত আন্দোলন কৰিছিল। দক্ষিণ আফ্ৰিকাত প্ৰৱেশ কৰিলে পুটিনক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায়।
ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই কয় যে তেওঁলোক আইচিচিৰ সদস্য দেশ। ফলত দেশত ভৰি দিলে পুটিনক গ্ৰেপ্তাৰ কৰিব লাগিব। ইয়াৰ পিছত ৰামাফোছাই ৰাছিয়াৰ ৰাষ্ট্ৰপতিক ফোন কৰি জোহান্সবাৰ্গলৈ নাহিবলৈ অনুৰোধ জনায় বুলি দক্ষিণ আফ্ৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। দৰাচলতে ৰাছিয়াই জুলাই মাহত কৈছিল যে পুটিনে হয়তো ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকালৈও নাযাব। তেনে ক্ষেত্ৰত তেওঁৰ স্থান ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে পূৰণ কৰিব। মঙলবাৰে এই তথ্য নিশ্চিত কৰা হয়।
ভাৰতকে ধৰি পাঁচখন সদস্য ৰাষ্ট্ৰৰ সৈতে ২২-২৪ আগষ্টত জোহান্সবাৰ্গত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ ১৫ সংখ্যক সন্মিলনত যোগদান কৰিব প্ৰায় ৩০খন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে। মঙলবাৰে দক্ষিণ আফ্ৰিকাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং উপস্থিত হৈছে। ইতিমধ্যে চীনে ব্ৰিকছ সম্প্ৰসাৰণৰ প্ৰস্তাৱ দিছে যদিও ভাৰতে এই কথাত সন্মতি দিয়া নাই। কূটনৈতিক বিশেষজ্ঞৰ এটা গোটৰ মতে চীনৰ লক্ষ্য হৈছে আমেৰিকা নেতৃত্বাধীন জি-৭ৰ দৰে আন্তঃৰাষ্ট্ৰীয় গ্ৰুপিং সৃষ্টি কৰা, যাৰ নেতৃত্বত থাকিব চীন।