কভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যৰ প্ৰাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে সকলো স্তৰৰ শিক্ষানুষ্ঠানত আৰম্ভ হৈছে নিয়মীয়া পাঠদান। কিন্তু নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত আৰম্ভ হৈছে ক’ভিডৰ সংক্ৰমণ। যাৰ বাবে কেইবাখনো শিক্ষানুষ্ঠান
কণ্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। এইবাৰ গোৱালপাৰাৰ সৈনিক স্কুলক কণ্টেইনমেন্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে। প্ৰাপ্ত তথ্য অনুসৰি সৈনিক স্কুলখনৰ শিক্ষক সহ মুঠ ২৯জন ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে দুজন শিক্ষক আৰু ২৭গৰাকী শিক্ষাৰ্থী। ইয়াৰ পাছতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ লাগে। লগতে অভিভাৱক সকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানত ক’ভিডৰ সংক্ৰমণ হৈছে। মহানগৰীৰ এন পি এছ ইণ্টাৰনেচনেল বিদ্যালয়ত ১৬গৰাকী শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছিল। সেইদৰে নগাৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ কেইবাগৰাকী শিক্ষাৰ্থী আক্ৰান্ত হোৱাত শিক্ষানুষ্ঠান খন বন্ধ কৰি দিয়া হৈছে। শিৱসাগৰ জিলাৰ আন দুখন বিদ্যালয়তো ক’ভিডৰ যথেষ্ট সংক্ৰমণ ঘটাত পাঠদান বন্ধ কৰি দিয়া হৈছে।