প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰী কেদাৰনাথ মন্দিৰ দর্শন কৰে। এই বছৰতো এই তীৰ্থযাত্ৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে । কেদাৰনাথৰ দুৱাৰ কেতিয়া দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব সেই বিষয়ে অৱগত কৰিছে বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে।
বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে জনোৱা মতে অহা ১০ মে’ৰ পৰা দৰ্শনাৰ্থীৰ বাবে কেদাৰনাথৰ গেট মুকলি কৰা হ’ব। শীতকালত তুষাৰপাতৰ বাবে বন্ধ হৈ থাকে কেদাৰনাথ দৰ্শন। এই সময়ছোৱাত মন্দিৰৰ বিগ্ৰহ উখীমাঠলৈ লৈ যোৱা হৈছিল আৰু তাতেই ছমাহ পূজা কৰা হয়। দীপাৱলীৰ পিছতে কেদাৰনাথৰ দুৱাৰ বন্ধ হৈ পৰে। এপ্ৰিল বা মে’ মাহত পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হয় মন্দিৰটো।
যোৱা বছৰ ২৫ এপ্ৰিলত দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল। ১৫ নৱেম্বৰত বন্ধ কৰা হৈছিল । উত্তৰাখণ্ড চৰকাৰৰ স্বাস্থ্য বিভাগে চলিত বৰ্ষত চাৰিধাম যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। স্বাস্থ্য সচিব ডাঃ আৰ কে ৰাজেশ কুমাৰে কয় যে চাৰিধাম যাত্ৰাৰ সময়ত যাতে তীৰ্থযাত্ৰীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে নিৰীক্ষণ কৰা হ’ব। তেওঁলোকৰ চিকিৎসাৰ বাবে কেইবাটাও চিকিৎসা দল সাজু কৰি ৰখা হ’ব। কোনো ভক্ত অসুস্থ হ’লে চিকিৎসা দলে তেওঁৰ ক্ষীপ্ৰ চিকিৎসাৰ ব্যৱস্থা কৰিব।
স্বাস্থ্য সচিবগৰাকীয়ে তীৰ্থযাত্ৰীসকলক এই চাৰিধাম যাত্ৰালৈ অহাৰ পূৰ্বে সকলো ধৰণৰ চিকিৎসা পৰীক্ষা কৰিবলৈ আহ্বান জনায়। ৰুদ্ৰপ্ৰয়াগ, চামোলী আৰু উত্তৰকাশীৰ চিকিৎসকক এইবাৰ চাৰিধাম যাত্ৰাৰ বাবে নিয়োগ কৰা নহ’ব বুলিও তেওঁ অৱগত কৰে।