গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হৈছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশত দাদু টায়েক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হয়। কালি এক সংবাদমেলযোগে দাদুটায়েই প্ৰদেশ কংগ্ৰেছৰ শ্ব’ক’জৰ কোনো উত্তৰ প্ৰদান নকৰে বুলি ঘোষণা কৰাৰ পাছত শনিবাৰে তেওঁক বহিস্কাৰ কৰা হয় ৷আজি এক বিবৃতিযোগে এই কথা জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ ৰোষত পৰিছিল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে ৷ এক নির্দেশনাৰ জৰিয়তে তাৎক্ষণিকভাৱে দাদু টায়েক গোলাঘাট জিলা সভাপতিৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছিল প্ৰদেশ কংগ্ৰেছে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নির্দেশত অপসাৰণ কৰা হৈছিল দাদু টায়েক ৷ দাদু টায়েৰ স্থানত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গোলাপ শইকীয়াক গোলাঘাট জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিয়া হৈছিল ৷
উল্লেখ্য যে দাদু টায়েই তিনিদিন পূর্বে মুখ্যমন্ত্ৰী গৰাকী সাক্ষাৎ কৰিছিল ৷ যাক লৈ প্ৰদেশ কংগ্ৰেছত তীব্ৰ জোকৰণিৰ সৃষ্টি হৈছে ৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিলৈ সমর্থন ঘোষণা কৰাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই একেদিনাই দাদু টায়েই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাক লৈ আন এক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছিল ৷