উত্তৰাখণ্ডত কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহৰ দেৱাল পিতলৰ নে সোণেৰে আবৃত, সেয়া তদন্তৰ বাবে উত্তৰাখণ্ড চৰকাৰে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰিছে। ৰাজ্যৰ পৰ্যটন আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সতপল মহাৰাজে শুকুৰবাৰে কয় যে সাংস্কৃতিক পৰিক্ৰমা সম্পাদক হৰিচন্দ্ৰ ছেমৱালক এই বিষয়টোৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছে। গড়বালৰ আয়ুক্তৰ নেতৃত্বত গঠিত কমিটীয়ে তদন্ত কৰিব বুলিও মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷
গঠন হ’বলগীয়া কমিটীত বিশেষজ্ঞৰ উপৰিও সোণাৰীও থাকিব । পৰ্যটন মন্ত্ৰীয়েও এনে নিৰ্দেশ দিছে। তেওঁৰ ভাষাত “কেদাৰনাথ মন্দিৰৰ এই বিষয়টো অতি সংবেদনশীল। কোনোবা দোষী সাব্যস্ত হ’লে তেওঁৰ বা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” মন্ত্ৰীগৰাকীয়ে লগতে কয় যে শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ আইন ১৯৩৯ অনুসৰি অনুদান গ্ৰহণ কৰা হৈছিল আৰু মন্দিৰৰ দেৱালত সোণৰ লেপন কৰাৰ বাবে ৰাজ্য চৰকাৰে অনুমোদন জনাইছিল। ইয়াৰ পিছত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগৰ বিশেষজ্ঞসকলৰ তত্বাৱধানত সোণৰ প্ৰলেপ দিয়া হয়।
কেদাৰনাথ মন্দিৰৰ অভ্যন্তৰভাগ সোণৰ প্ৰলেপ দিয়াৰ কাম যোৱা বছৰ এজন ভক্তৰ সহায়ত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। সেই কামৰ শেষত ভক্তই বিধেয়কখন আৰু এই কামৰ লগত জড়িত নথি-পত্ৰ মন্দিৰ সমিতিৰ ওচৰত দাখিল কৰে। ইয়াৰ পিছতে প্ৰকাশ কৰা অনুসৰি কেদাৰনাথৰ অভ্যন্তৰত ২৩,৭৭৭.৮০০ গ্ৰাম সোণ ব্যৱহাৰ কৰা হৈছে। যাৰ বৰ্তমান মূল্য ১৪ কোটি ৩৮ লাখ টকা। আৰু এই কামত অন্তৰ্ভুক্ত হোৱা তামৰ প্লেটখনৰ ওজন প্ৰায় এক হাজাৰ কিলোগ্ৰাম। যাৰ দাম ২৯ লাখ টকা। এই সংস্কাৰ কামৰ মুঠ ব্যয় আছিল ১২৫ কোটি টকা।
কিন্তু তাৰ পিছতে আৰম্ভ হ’ল বিতৰ্ক। অভিযোগ অনুসৰি মন্দিৰৰ আভ্যন্তৰত যিটো ধাতু সোণ বুলি দাবী কৰা হৈছে সেয়া সোণ নহয়, পিতলৰহে! স্বর্ধম মহাপঞ্চায়তৰ উপ-সভাপতি তথা কেদাৰনাথৰ জ্যেষ্ঠ পুৰোহিত আচাৰ্য সন্তোষ ত্ৰিবেদীয়ে অভিযোগ কৰে যে কেদাৰনাথৰ অভ্যন্তৰত সোণৰ পৰিৱর্তে পিতলৰ প্ৰলেপ দিয়া হৈছে ৷এই অভিযোগ উত্থাপন হোৱাৰ পিছত বিতর্কৰ সৃষ্টি হৈছে । সেই বিতৰ্ক এতিয়াও চলি আছে। কেলেংকাৰীৰো অভিযোগ উত্থাপন হৈছে।
কিন্তু ৰাজ্যৰ পৰ্যটন মন্ত্ৰী সাতপালে দাবী কৰিছে যে বিৰোধী দলসমূহে স্বৰ্ধম যাত্ৰাত ব্যাঘাত জন্মাবলৈ এনে অভিযোগ উত্থাপন কৰিছে। অৱশ্যে অভিযোগ উত্থাপন হ’লে মন্দিৰৰ ধাতু সোণ নে পিতলৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।