গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান দুধনৈ মহাবিদ্যালয়ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজিৰ পৰা এবছৰীয়া কার্যসূচীৰে সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰা হব। আজি পুৱা ৫০ খন পতাকা উত্তোলনেৰে সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মূল পতাকা উত্তোলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ উপেন ৰাভা হাকাচামে। ইয়াৰ লগে লগে আন ৪৯ খন পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা ৰাভা হাচং পৰিষদৰ চীফ টংকেশ্বৰ ৰাভা, দুধনৈ সমষ্টিৰ বিধায়ক যাদব স্বৰ্গীয়াৰীৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক অধ্যাপিকা, প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিষয়ববীয়া সকলে। ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ক্ষীৰোদ খাখলাৰীয়ে।
সোণালী জয়ন্তী বর্ষৰ সৈতে সংগতি ৰাখি মহাবিদ্যালয় চৌহদত ৫০ জোপা গছপুলি ৰোপণ কৰা হয়। ইয়াৰ লগতে মহাবিদ্যালয়ৰ স্থায়ী প্রতীকৰ আধাৰশিলা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি টংকেশ্বৰ ৰাভাই। মহাবিদ্যালয়খনৰ প্ৰথম স্থায়ী অধ্যক্ষ স্বৰ্গীয় কৰুণা কান্ত ৰাভাৰ সোঁৱৰণত আবক্ষ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰে দুধনৈ সমষ্টিৰ বিধায়ক যাদব স্বৰ্গীয়াৰীয়ে। ইয়াৰোপৰি ৰাভা হাচং পৰিষদৰ অনুদানেৰে নিৰ্মিত মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠাৰো শুভ উদ্বোধন কৰা হয়। দিনৰ এঘাৰ বজাত অৱসৰপ্ৰাপ্ত অধ্যাপক-অধ্যাপিকা আৰু প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ সমাৰোহ অনুষ্ঠিত হয়। এই উপলক্ষে অনুষ্ঠিত সভাত পৌৰহিত্য কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সভাপতি দিগন্ত ৰাভাই। সভাত মহাবিদ্যালয় সংগীত উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বিৰিঞ্চি মেধিয়ে। সন্ধিয়া ৫০ গছি বন্তি প্ৰজ্জ্বলনেৰে সোণালী জয়ন্তী বর্ষৰ শুভাৰম্ভ কাৰ্যসূচীৰ সামৰণি পৰে। ইপিনে শুভাৰম্ভ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি পুৱা ৩.৩০ বজাত মাটিয়াৰ পৰা দুধনৈ লৈ মাৰাথান প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে মহাবিদ্যালয় খনত উপস্থিত হৈ নষ্টালজিক হৈ পৰে। কাৰণ, আছুৰ সভাপতি গৰাকী এইখন মহাবিদ্যালয়ৰেই প্রাক্তন ছাত্ৰ। আছুৰ সভাপতি গৰাকীয়ে কয় যে গোৱালপাৰা জিলাৰ ভিতৰত এইখন দুধনৈ মহাবিদ্যালয় জাকত জিলিকা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এইখন মহাবিদ্যালয়ে আগবাঢ়ি যাব। এই মহাবিদ্যালয়খনক স্বতন্ত্ৰ মহাবিদ্যালয় হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবে আছুৰ সভাপতি দিপাংক কুমাৰ নাথে অসম চৰকাৰক আহ্বান জনাইছে।