অসমৰ দাঁতিকাষৰীয়া ৰাজ্য মেঘালয়ে জন্মৰ ৫০টা বছৰ অতিক্ৰম কৰাৰ আনন্দত প্ৰথম বাৰৰ বাবে ধূমধামেৰ উদযাপিত হ’ব মেঘালয়ৰ সোণালী জয়ন্তী অৰ্থাৎ ন’কৰেক মহোৎসৱ ৷ মেঘালয় পৰ্য্যটন বিভাগে আয়োজন কৰা এই মহোৎসৱ অহা ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব ৷ পূৱ গাৰো পাহাৰৰ দাৰিব’কগ্ৰে খেলপথাৰত আনন্দ উল্লাস আৰু ৰং ৰহইছৰ মাজেৰে উদযাপিত হ’বলগীয়া এই মহোৎসৱৰ আয়োজক হ’ল ‘আচিক্’নামৰ এক পৰ্য্যটন সংস্থা ৷
এই মহোৎসৱত বিভিন্ন বিষয়ৰ প্ৰদৰ্শনীৰ লগতে থাকিব শিশুক আকৰ্ষণ কৰিব পৰা নানা ধৰণৰ খেল-ধেমালি৷ আয়োজক সকলে জনোৱা মতে এই মহোৎসৱত বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ’ব আৰু মেঘালয়ৰ পৰম্পৰাগত খেল ধেমালিকে আদি কৰি আৰ্চাৰি হ’ব মহোৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷ তেওঁলোকে জনোৱা মতে এই মহোৎসৱত সংগীত,নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব ৷ আনহাতে মেঘালয়ৰ বিভিন্ন গাঁৱৰ বাসিন্দা সকলে অংশ গ্ৰহণ কৰিবলগীয়া ‘TUG OF WAR’ হ’ব এই অনুষ্ঠানৰ এক লেখত ল’বলগীয়া প্ৰতিযোগিতা৷ইয়াৰ উপৰিও ৰন্ধন প্ৰতিযোগিতা ,পৰম্পৰাগত সংগীত প্ৰতিযোগিতাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু অনুষ্ঠানেৰে মুখৰিত হ’ব লগা এই আনন্দোৎসৱত আয়োজক সকলে মাউণ্টেইন বাইকিং,ট্ৰেকিং আদিৰ দৰে দুঃসাহসিক ক্ৰীড়াৰো আয়োজন কৰিছে বুলি ইতিমধ্যে জনাইছে৷
বৰদিনৰ প্ৰাকমূহুৰ্তত খেল-ধেমালি,ভিন ভিন খাদ্য সম্ভাৰ আৰু সংগীতকে আদি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে মেঘালয়ৰ আকাশ বতাহ মূখৰিত কৰি মেঘালয়বাসী সাজু হৈছে এই ন’কৰেক মহোৎসৱৰ আনন্দ উপভোগ কৰিবলৈ ৷