সাংবাদিকৰ সন্তানে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব এক বিশেষ সাহায্য । মেট্ৰিক তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সাংবাদিকৰ পুত্ৰ-কন্যাক উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াব । এই কথা উল্লেখ কৰা হয় দৈনিক জনমভূমি কাকতৰ এক বিশেষ প্ৰতিবেদনত ।
উল্লেখ্য যে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই সদনত এই কথা প্ৰকাশ কৰে । বিধানসভাৰ সদনত বিজেপিৰ সদস্য ৰূপক শৰ্মাই ক’ভিড ত মৃত্যু হোৱা সাংবাদিকসকলৰ বাবে কোনো বিশেষ স্বাস্থ্য বীমা আঁচনি গ্ৰহণ কৰা হৈছে নেকি বুলি প্ৰশ্ন কৰাত তাৰ উত্তৰত হাজৰিকাই কয় যে বিগত চৰকাৰৰ সময়ত বিভিন্ন আঁচনিৰ লগতে সাংবাদিকৰ বাবে যি পেঞ্চনৰ ব্যৱস্থা কৰা হৈছিল সেই পেঞ্চন ৮ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে ।
কাকতখনত উল্লেখ কৰামতে মন্ত্ৰী হাজৰিকাই আৰু কয় যে এক্ৰিডিয়েটেড সাংবাদিক আৰু তেঁওলোকৰ পৰিয়ালৰ চিকিৎসাৰ ব্যয়ো ৰাজ্য চৰকাৰে বহন কৰিছে । ইয়াৰ উপৰিও তেঁও জনাই যে সাংবাদিকৰ চিকিৎসা ব্যয়ৰ বাবে প্ৰতি মাহৰ ১০ তাৰিখে বৈঠক অনুষ্ঠিত কৰা হ’ব । পূৰ্বতে নিয়মিতৰূপত এই বৈঠক অনুস্থিত নোহোৱাৰ বাবে সময়ত সাংবাদিকসকলে সুবিধা সমূহ লাভ কৰা নাছিল ।
উল্লেখ্য যে সাংবাদিকসকলক ইতিমধ্যে অটল অমৃত অভিযানত সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে । আনহাতে কাকতখনত উল্লেখ কৰা মতে ছেবা অথবা চি বি এছ ই যিকোনো মাধ্যমত শিক্ষা গ্ৰহণ কৰা সাংবাদিকৰ ল’ৰা-ছোৱালীয়ে মেট্ৰিকত ৭৫% নম্বৰ লাভ কৰি উত্তীৰ্ণ হ’লে ৩০হাজাৰ টকা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সকলক ৫০ হাজাৰ টকা উদ্গনি হিচাপে দিয়াৰ কথা চিন্তা কৰিছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।
ইয়াৰ উপৰিও চৰকাৰে সাংবাদিক সকলক বীমা আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ লগতে এইবাৰ বাজেটত বাতৰিকাকতৰ বিজ্ঞাপন শিতানটো বাজেট বৃদ্ধিৰ চেষ্টা কৰা হৈছে বুলি কাকতখনত উল্লেখ কৰা হৈছে ।