কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীয়ে ৰাজ্যসভাৰ পৰা আজি মনোনয়ন দাখিল কৰে। কংগ্ৰেছে জয়পুৰ সমষ্টিৰ পৰা ৰাজ্যসভাৰ বাবে ছোনিয়াক মনোনীত কৰে। বুধবাৰে পুৱা ছোনিয়াই মনোনয়ন দাখিল কৰে। সেই আসনত ছোনিয়াৰ জয়ক লৈ নিশ্চিত কংগ্ৰেছ। এই আসনৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং। অহা এপ্ৰিল মাহত তেওঁৰ ছবছৰীয়া কাৰ্যকালৰ অন্ত পৰিব।
উত্তৰ প্ৰদেশৰ ৰায়বৰেলীৰ সাংসদ ছোনিয়া গান্ধী প্ৰথমবাৰৰ বাবে ৰাজ্যসভালৈ মনোনয়ন দাখিল কৰা হৈছে । আচলতে ছোনীয়া গান্ধী হৈছে গান্ধী পৰিয়ালৰ পৰা ৰাজ্যসভালৈ যোৱা দ্বিতীয়জন সদস্য। ইয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ৰাজ্যসভাৰ সাংসদ হৈছিল। ১৯৬৪ চনৰ ফেব্ৰুৱাৰীৰ পৰা ১৯৬৭ চনলৈ ছোনিয়াৰ শাহুৱেক ইন্দিৰা গান্ধী ৰাজ্যসভাৰ সদস্য আছিল।
উল্লেখ্য যে ছোনিয়াই প্ৰথমবাৰৰ বাবে ১৯৯৯ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই বছৰতে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ সভানেত্ৰী হৈছিল তেওঁ । ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে বুধবাৰে নিজৰ এক্স হেণ্ডেলত লিখিছে, “ ছোনিয়া গান্ধীক কংগ্ৰেছৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাটো আমি আদৰণি জনাইছো।” কিন্তু কিয় ৰাজস্থান বাছি লৈছে ছোনিয়া গান্ধীয়ে? তেওঁ তেলেংগানা বা কৰ্ণাটকৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিলেহেতেন।
পৰ্যবেক্ষকসকলে অনুভৱ কৰে যে উত্তৰ ভাৰতত অস্থিৰতাৰ মাজতো ৰাজস্থানৰ পৰা ছোনিয়াক ৰাজ্যসভালৈ পঠিয়াই কংগ্ৰেছে প্ৰকৃততে হিন্দী বলয় তেওঁলোকৰ হৃদয়ত আছে বুলি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে । আনহাতে, ছোনিয়াই ৰাজ্যসভাত প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ কন্যা প্ৰিয়ংকা গান্ধীয়ে ৰায়বৰেলী আসনৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা অধিক শক্তিশালী হৈ আহিছে।