ৰেনছমৱেৰ হৈছে একপ্ৰকাৰৰ ভাইৰাছ যিয়ে ব্যৱহাৰ কাৰীৰ কম্পিউটাৰত প্ৰবেশ কৰি ইয়াৰ ‘এক্সেছ’ সম্পূৰ্ণ নিজৰ অধিনলৈ নিয়ে।
ছাৰ্চ ইঞ্জিন গুগলে যোৱা ডেৰবছৰত জমা কৰা ৮কোটিতকৈ অধিক ৰেনছমৱেৰৰ দ্বাৰা সকলোতকৈ বেছিকৈ প্ৰভাৱিত হোৱা বিশ্বৰ ১৪০খন দেশৰ ভিতৰত তালিকাৰ ষষ্ঠ স্থানত আছে ভাৰতবৰ্ষৰ নাম।
প্ৰথম স্থানত থকা ইজৰাইলকে আদি কৰি তালিকাৰ শীৰ্ষত আছে ক্ৰমে দক্ষিণ কোৰিয়া, ভিয়েটনাম, চীন, ছিংগাপুৰ, ভাৰত, কাজাকিস্তান, ফিলিপাইনছ, ইৰাণ আৰু গ্ৰেট বিটেইন।
গুগলে চাইবাৰ চিকিউৰিটি প্ৰতিষ্ঠান ভাইৰাছ টোটেলৰ এক সমীক্ষাৰ আধাৰত এই প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে।২০২০চনত প্ৰায় ১৩০টা বেলেগ বেলেগ ৰেনছমৱেৰ সক্রিয় আছিল আৰু ২০২১ৰ প্ৰথম ছমাহতেই মালৱেৰৰ ৩০হেজাৰ গ্ৰুপ প্ৰত্যক্ষ কৰা হৈছে।