এদিনীয়া ভ্ৰমণসূচীত অসম ভ্ৰমণলৈ অহা উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ এখত সভাত উপস্থিত থাকি জাৰ্মানী নিবাসী প্ৰৱাসী অসমীয়া লেখক ড৹ নিৰোদ কুমাৰ বৰুৱা, গুৱাহাটীৰ কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট আৰু শ্বিলং চেম্বাৰ কয়াৰক গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰে। এইবছৰৰ পৰা এই বঁটাৰ মূল্য ২ লাখ টকাৰ পৰা পাঁচ লাখ টকালৈ বৃদ্ধি কৰা হৈছে। প্ৰতি দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে।
কটন কলেজৰ প্ৰাক্তন ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাক্তন অধ্যাপক ড৹ নিৰোদ কুমাৰ বৰুৱাদেৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ওপৰত কেইবাখনো গৱেষণা পত্ৰ আৰু পুথি ৰচনা কৰিছে। আনহাতে কস্তুৰবা গান্ধী ট্ৰাষ্টৰ অসম শাখাই গ্ৰামাঞ্চলৰ মহিলা আৰু শিশু সেৱাত অৱদান আগবঢ়াই অহাৰ বিপৰীতে শ্বিলং চেম্বাৰ কয়াৰ নামৰ প্ৰতিষ্ঠানটোৱে সংস্কৃতি আৰু সংগীতৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় সংহতিৰ বাবে কাম কৰি আহিছে।
উপ ৰাষ্ট্ৰপতি গৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক সুঁৱৰি তেওঁৰ ভাষণত কয় যে ভাৰতীয় আমাৰ প্ৰথম পৰিচয়। ৰাষ্ট্ৰীয় সংহতিয়েই আমাৰ প্ৰধান লক্ষ্য। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলো ভেদাভেদ পাহৰি ৰাষ্ট্ৰীয় সংহতি ৰক্ষাৰ প্ৰতি দায়বদ্ধ হোৱা উচিত।
উপ ৰাষ্ট্ৰপতি গৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰী গৰাকীৰ সামগ্ৰিক কল্যাণকামী অৱদানৰ বাবে অসম সমগ্ৰ উত্তৰ পূবৰ ভিতৰতে এক উদাহৰণ হৈ ৰ’ব।