যোৱা ২১ জুলাইত গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰাংগণত ঘোষণা কৰা অনুসৰি অহা ২২ আগষ্টত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত আৰু ৰাজ্যৰ ৫০ ৰো অধিক প্ৰতিষ্ঠিত শিক্ষক-কৰ্মচাৰী সংস্থা- সংঘৰ সমৰ্থনত অসমৰ চৰকাৰী কৰ্মচাৰী সমাজে “সৰ্বাত্মক কৰ্মবিৰতি পালন কৰিব”। উক্ত দিনা অসমৰ কৰ্মচাৰী সমাজে নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকি কামৰ পৰা আতৰি ৰাজ্যৰ সকলো কৰ্মচাৰী সমাজৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আচঁনি চমুকৈ এনপিএছ ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবী জনাব ৷ আজি এই কথা সদৰী কৰিছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই। এই কাৰ্যসূচী পালনত অত্যাৱশ্যকীয় সেৱা আৰু পৰীক্ষা আদিত জড়িত শিক্ষক-বিষয়া-কৰ্মচাৰী সকলক ৰেহাই দিয়া হৈছে যদিও এই সেৱাত জড়িত শিক্ষক-বিষয়া-কৰ্মচাৰী সকলে কৰ্তব্যস্থলীত ক’লাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিব।
এক বিবৃতিত তেওঁ কয় – এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ লগতে অন্যান্য অৱসৰকালীন অসুবিধাসমূহ দূৰ কৰাৰ হকে যোৱা ১২ জুনত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ নেতৃত্বৰ লগত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে এখনি সভা অনুষ্ঠিত হৈছিল ৷ ৰাজ্য চৰকাৰৰ এই ভূমিকাই সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ প্ৰতি অসম চৰকাৰৰ দ্বায়বদ্ধতাকে সূচাইছে বুলি অনুভৱ কৰি ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা পুন:প্ৰতিষ্ঠাৰ বাবে সুস্থ পৰিবেশৰ স্বাৰ্থত সংস্থাই যোৱা ১৫ জুনৰ ধৰ্ণা কাৰ্যসূচীও স্থগিত ৰাখিছিল। কিন্তু চৰকাৰৰ লগত হোৱা আলোচনাৰ যিখন কাৰ্যবিৱৰণী যোৱা ৩০ জুনত প্ৰকাশ হৈছিল সেইখনত এনপিএছ ব্যৱস্থাটো বাতিলৰ কোনো প্ৰসংগই স্থান নাপালে ৷ যাৰ ফলত অসমৰ কৰ্মচাৰী সমাজ যথেষ্ট অসন্তুষ্ট ৷ সংস্থাই বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কৰ্মচাৰী সমাজৰ অসন্তুষ্টিৰ বিষয়ে লিখিতভাবে জনোৱাৰ পিছতো এই ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো সহাঁৰি পোৱা নাই। অসমৰ কৰ্মচাৰী সমাজে অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষাৰ স্বাৰ্থত এনপিএছ আঁচনি বাতিল কৰি সকলোকে পুৰণি পেঞ্চন আঁচনিৰ যোগেদি সুবিধা প্ৰদান একমাত্ৰ পাথেয়। পশ্চিমবংগৰ পিছত ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড আৰু পঞ্জাৱ চৰকাৰৰ দৰে অসম চৰকাৰে ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা পুন:বাহাল ক্ষেত্ৰত ইতিবাচক ভুমিকা গ্ৰহণ নকৰালৈকে কৰ্মচাৰী সমাজে সংগ্ৰাম অব্যাহত ৰাখিব বুলিও হাজৰিকাই কয় ৷
তেওঁ লগতে কয় যে আগন্তুক ২২ আগষ্টত “সৰ্বাত্মক কৰ্মবিৰতি” লৈ পূৰ্ণ সহযোগিতা প্ৰদান কৰা সংস্থা/ সংঘৰ অন্যতম হৈছে সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, সদৌ অসম পৰিবহন বিভাগৰ কৰ্মচাৰী সন্থা, সদৌ অসম ছেকেন্দেৰী গ্ৰেডুৱেট শিক্ষক সন্থা, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ আৰু মঞ্চৰ অংশীদাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থ, অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা, অসম হাইস্কুল শিক্ষক সংস্থা, অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা, সদৌ অসম মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মী সন্থা, জইন্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়নচ্ (CITU) অসম আদি ৷