অসম চৰকাৰৰ মাচুল ৰেহাই আঁচনি অনুসৰি শিক্ষাৰ্থীৰ নামভৰ্তিৰ বিষয়টো পৰ্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সোমবাৰে জনতা ভৱনত এখন বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু । এই আঁচনিৰ অধীনত এই বছৰ এতিয়ালৈকে চৰকাৰী/প্ৰাদেশীকৃত মহাবিদ্যালয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ত ৫৭,৪৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে চাৰি বছৰীয়া স্নাতক কাৰ্যসূচীৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিছে। নতুনকৈ আৰু ৫০,০০০ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে এই আঁচনি অনুসৰি নামভৰ্তিৰ বাবে অভিভাৱকৰ আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে ৰেচন কাৰ্ড জমা দিয়াটো গ্ৰহণযোগ্য হ’ব বুলি বৈঠকখনত মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে।
বৈঠক সন্দর্ভত ডাঃ পেগুৱে কয় –“মহাবিদ্যালয়ৰ পৰা তথ্য আহৰণৰ পিছত প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষৰ ফালে শিক্ষা প্ৰতিষ্ঠানবোৰক সাধাৰণতে পুঁজি পৰিশোধ কৰা হয়, যাৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু এই বছৰ, যিহেতু তথ্যবোৰ সমৰ্থ প’ৰ্টেলত সহজে উপলভ্য, গতিকে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয় প্ৰৱেশিকা পৰীক্ষা বহিৰ্ভূত (Non CUET) নামভৰ্তিৰ বাবে ১০ জুলাইৰ ভিতৰত প্ৰতিষ্ঠানবোৰক পুঁজি পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে। একেদৰে, বিশ্ববিদ্যালয় প্ৰৱেশিকা পৰীক্ষাৰ আধাৰিত নামভৰ্তি সম্পূৰ্ণ হোৱাৰ পিছত, চৰকাৰে আগষ্ট মাহত পুঁজি পৰিশোধ কৰিব। বিগত তিনি বছৰত, মাচুল ৰেহাই পৰিশোধ হিচাপে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহলৈ মুঠ ৪২৭.৫১ কোটি মুকলি কৰা হৈছে, আৰু ১০ লাখ ৯৫ হাজাৰ শিক্ষাৰ্থী এই আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে। “