VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সোণাপুৰত বীজ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰত কৃষিমন্ত্ৰী অতুল বৰাৰ আশ্বাস

পৰম্পৰাগত বীজ ব্যৱস্থাক শক্তিশালী কৰিবলৈ চৰকাৰে আগবঢ়াব বিত্তীয় সহযোগিতা

voicedesk by voicedesk
December 6, 2023
in মুখ্য সংবাদ
সোণাপুৰত বীজ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰত কৃষিমন্ত্ৰী অতুল বৰাৰ আশ্বাস
0
SHARES
53
VIEWS
Share on FacebookShare on Twitter

পৰম্পৰাগত বীজ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে ‘ছীড ৰিপ্লেচমেণ্ট ৰেট’ চমুকৈ এছআৰআৰ আৰু ‘ছীড ভাৰ্টিকেল ৰেট’ উন্নত কৰিবলৈকো দৃঢ় সংকল্প গ্ৰহণ কৰিছে অসম চৰকাৰে। সোণাপুৰস্থিত মেফেয়াৰ হোটেলত অনুষ্ঠিত পৰম্পৰাগত বীজ পদ্ধতি সন্দৰ্ভত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক আলোচনাচক্ৰত ভাগ লৈ এই মন্তব্য কৰে ৰাজ্যখন কৃষি আৰু উদ্যনশস্য বিভাগৰ মন্ত্ৰী অতুল বৰাই। তেওঁ আৰু কয় যে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ আৰ্হিত অসমতো এছআৰআৰ ৪০ শতাংশৰ পৰা ৯১ শতাংশলৈ বৃদ্ধি কৰাতো সম্ভৱ।

“বীজ হৈছে শস্য উৎপাদনৰ মূল আধাৰস্বৰূপ। কোনো এটা অঞ্চলত শস্য উৎপাদনত দেখা দিব পৰা জটিলতাকো পৰম্পৰাগতভাৱে সংৰক্ষণ কৰি অহা বীজে ইয়াত থকা অন্তৰ্নিহিত গুণৰ বাবে সেয়া অতিক্ৰম কৰিব পাৰে। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে অনানুষ্ঠানিক বীজ পদ্ধতিৰ অনন্য পৰিচয় আৰু গুৰুত্বক স্বীকৃতি দি অসম চৰকাৰে কৃষি বিভাগ আৰু অসম বীজ নিগমৰ জৰিয়তে এই ব্যৱস্থাসমূহক প্ৰসাৰিত কৰাৰ লগতে বীজ খণ্ডত অসমক স্বাৱলম্বী কৰি তোলাৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে।”- এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ছীড ৰিপ্লেচমেণ্ট ৰেট বা এছআৰআৰ হৈছে ফাৰ্মত ৰাহি হোৱা বীজৰ বাহিৰে আন প্ৰমাণিত/গুণগত বীজ ব্যৱহাৰ কৰি কোনো এটা ঋতুত ৰোপণ কৰা শস্যৰ মুঠ ক্ষেত্ৰফলৰ ভিতৰত ৰোপণ কৰা বীজৰ শতকৰা ক্ষেত্ৰফল। প্ৰমাণিত/গুণগত বীজৰ ব্যৱহাৰৰ মাত্ৰা জুখিবলৈ এছ আৰ আৰ উল্লেখযোগ্য।

আজিৰ এই আলোচনাচক্ৰত ভাগ লৈ কৃষিমন্ত্ৰীগৰাকীয়ে খাদ্য উৎপাদন আৰু খাদ্য সুৰক্ষাৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পোৱালৈ চাই থলুৱা কৃষকসকলক পৰম্পৰাগত বীজ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে সকলোধৰণৰ বিত্তীয় আৰু প্ৰযুক্তিগত সহযোগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে।

আনহাতে আলোচনাচক্ৰত ভাগ লোৱা যোৰহাটৰ মোহন বৰা নামৰ এগৰাকী কৃষকে পৰম্পৰাগত বীজ ব্যৱস্থাৰ বাবে সহজ নীতি গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায়। কৃষকগৰাকীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই কৃষি বিভাগৰ সঞ্চালক আইএএছ ভাস্কৰ পেগুৱে ৰাজ্যখনত পৰম্পৰাগত বীজ ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে।

জাৰ্মান ছ’চাইটি ফৰ ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন, ইণ্ডিয়াই ছাপ’ৰ্ট টু এগ্ৰোইক’লজিকেল ট্ৰেন্সফৰ্মেশ্যন প্ৰচেছ ইন ইণ্ডিয়া প্ৰকল্পৰ অধীনত দুদিনীয়াকৈ আয়োজন কৰা এই আলোচনাচক্ৰখনত সহযোগিতা আগবঢ়াইছে জাৰ্মানীৰ অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন মন্ত্ৰণালয়ে। এই আলোচনাচক্ৰখনত ভাৰত চৰকাৰৰ কৃষি আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, নাবাৰ্ড আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়েও সহযোগিতা আগবঢ়াইছে।

জাৰ্মান ছ’চাইটি ফৰ ইণ্টাৰনেশ্যনেল কোঅপাৰেশ্যন, ইণ্ডিয়াৰ শীৰ্ষ বিষয়া ৰাজীৱ আহালে ৰাজ্যখনৰ কৃষিখণ্ডৰ বিকাশৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে পৰম্পৰাগত বীজ ব্যৱস্থাক আৰু শক্তিশালী কৰি তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কৰ্ণাটকৰ অভিজ্ঞ কৃষক শিৱাৰুদৰিয়া বাসৱলিংগায়াই হাইব্ৰীড বীজতকৈ স্থানীয় বীজ অধিক উত্তম বুলিও মন্তব্য দাঙি ধৰে। কৃষি বিষয়াক এই আলোচনাচক্ৰখনত ভাৰতৰ ভিন্ন ৰাজ্যৰ শতাধিক অভিজ্ঞ কৃষক আৰু কৃষি বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিছে। এই আলোচনাচক্ৰই সমগ্ৰ দেশৰ লগতে অসমৰ কৃষি ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলিও আশা ব্যক্ত কৰিছে আয়োজকসকলে।

Previous Post

মেটমৰা গ্ৰন্থ সম্ভাৰঃ আকৰ্ষণীয় অসম গ্ৰন্থমেলা, শিলচৰ

Next Post

গুৱাহাটীৰ তিনি ব্যৱসায়ীৰ ঘৰ -ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুৱাহাটীৰ তিনি ব্যৱসায়ীৰ ঘৰ -ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটীৰ তিনি ব্যৱসায়ীৰ ঘৰ -ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ অভিযান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7