এইবাৰ ধুবুৰীত উৎকোচ লৈ হাতেলোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী৷ আজি সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী কোষে উৎকোচৰ অভিযোগত অসমৰ ধুবুৰীত গ্ৰেপ্তাৰ কৰে চৰকাৰী কৰ্মচাৰী গৰাকীক । ধৃত ব্যক্তিজন ধুবুৰীস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ জিলা কাৰ্যসূচী বিষয়া আজহাৰুল ইছলাম বুলি জানিব পৰা গৈছে ।
আজি উৎকোচ লৈ থকা অৱস্থাতে হাতেলোটে ধৰা পৰে কৰ্মচাৰীজন। জানিব পৰা মতে আজহাৰুল ইছলামে অভিযোগকাৰীৰ বাকী থকা দৰমহা মুকলি কৰি দিয়াৰ বাবদ ধন দাবী কৰিছিল।
ইতিমধ্যে অভিযুক্ত চৰকাৰী কৰ্মচাৰী গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।