“আমাৰ দেশৰ স্বাস্থ্যসেৱা খণ্ডত এক সামগ্ৰিক দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে । আমি কেবল স্বাস্থ্যৰ ওপৰতেই গুৰুত্ব প্ৰদান কৰা নাই , সুস্থতাৰ ওপৰতো সমানে গুৰুত্ব প্ৰদান কৰা হৈছে ৷ ” এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এখন ৱেবিনাৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে বাজেটত আধুনিক আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ সঠিক ব্যৱহাৰ , গৱেষণাৰ প্ৰতি উৎসাহিত কৰা তথা আধুনিক আৰু ভৱিষ্যত প্ৰযুক্তিৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে লগতে কয় ‘এক ভাৰত, এক স্বাস্থ্যৰ মনোভাৱৰ সৈতে খণ্ড আৰু জিলা পৰ্যায়ৰ গাওঁসমূহত অত্যাৱশ্যকীয় স্বাস্থ্য সুবিধাৰ ব্যৱস্থা কৰা হ’ব য’ত ব্যক্তিগত খণ্ডই এই ব্যৱস্থাৰ তত্বাৱধান আৰু উন্নীতকৰণ কৰিব ৷ ডাঙৰ চহৰসমূহৰ বাহিৰত আমি ভাৰতত এক স্বাস্থ্য আন্তঃগাঁথনি নিৰ্মাণ কৰিব বিচাৰিছো ৷ এক ভাৰত, এক স্বাস্থ্য মনোভাৱেৰে খণ্ড আৰু জিলা পৰ্যায়ৰ গ্ৰাম্যাঞ্চলসমূহত অত্যাৱশ্যকীয় স্বাস্থ্য সুবিধা গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ’ব ৷ ভাৰত মিছন, ফিট ইণ্ডিয়া মিছন, পুষ্টি মিছন, মিছন ইন্দ্ৰধনুষ, আয়ুষ্মান ভাৰত, জল জীৱন মিছন আদিকে ধৰি সকলো অভিযানৰ জৰিয়তে সৰ্বাধিক সংখ্যক লোকৰ সামৰি ল’ব লাগিব ৷”
তেওঁ এইবুলিও কয় যে স্বাস্থ্য সেৱাৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্য, শিক্ষা আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় মানৱ সম্পদ বিকাশৰ বাবে বাজেট আৱণ্টন যোৱা বছৰৰ তুলনাত বৃদ্ধি কৰা হৈছে। এই প্ৰসংগত মোদীয়ে কয় “যিহেতু স্বাস্থ্যসেৱাৰ চাহিদা বৃদ্ধি পাইছে, আমি সেই অনুসৰি দক্ষ স্বাস্থ্য কর্মী সৃষ্টি কৰিবলৈও চেষ্টা কৰা হৈছে । সেয়েহে, যোৱা বছৰৰ তুলনাত স্বাস্থ্য সেৱা আৰু স্বাস্থ্যসেৱা সম্পৰ্কীয় মানৱ সম্পদ বিকাশৰ বাজেট যথেষ্ট পৰিমানে বৃদ্ধি কৰা হৈছে ৷”