কাৰ্বনযুক্ত জীৱাশ্ম ইন্ধনসমূহৰ ব্যাপক ব্যৱহাৰে গোলকীয় উঞ্চতা বৃদ্ধিত অৰিহণা যোগাই প্ৰকৃতি ধ্বংস কৰিছে। পৰিৱেশ ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ হাইড্ৰ’জেনক জীৱাশ্ম ইন্ধনৰ এক বিকল্প বুলি গ্ৰহণ কৰা হৈছে।
সৌৰ শক্তি, বতাহ, পানী আদি প্ৰাকৃতিক উৎসৰ পৰা গ্ৰহণ কৰিব পৰা নৱীকৰণযোগ্য হাইড্ৰ’জেনক আদৰ্শ ইন্ধন হিচাপে গ্ৰহণ কৰিবলৈ আমাৰ ভাৰত চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ ২০২১ বৰ্ষৰ বিত্তীয় বাজেটত ৰাষ্ট্ৰীয় হাইড্ৰজেন মিছন এই বৰ্ষৰ শেষৰ ফালৰ পৰা আৰম্ভ কৰাৰ কথা চিন্তা কৰে।
ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনাও প্ৰধান মন্ত্ৰী ডাঙৰীয়াই সেউজ ইন্ধন হিচাপে হাইড্ৰ’জেন ব্যৱহাৰৰ কথা উল্লেখ কৰে।
প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত হাইড্ৰ’জেনে এক অনন্য মাত্ৰা প্ৰদান কৰিব। হয়তো জীৱাশ্ম ইন্ধনসমূহৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ সমস্যা সমাধানৰ এক উপায় হ’ব হাইড্ৰ’জেন ইন্ধন।