দেশৰ বস্ত্ৰ উদ্যোগলৈ সাময়িক সকাহ ৷ অহা ১ জানুৱাৰীৰ পৰা বস্ত্ৰ উদ্যোগৰ ওপৰত বৃদ্ধি কৰা নহয় সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি )৷ জিএছ টি পৰিষদে বস্ত্ৰ খণ্ডত এই কৰ সাময়িকভাৱে বৃদ্ধি নকৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ পূর্বে কেন্দ্ৰই বস্ত্ৰ খণ্ডত জিএছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ অৱশ্যে এই বিষয়টো পৰিষদৰ পৰৱর্তী বৈঠকত পুনৰ বিবেচনা কৰা হ’ব ৷ বস্ত্ৰ খণ্ডত জিএছটিৰ হাৰ ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰাৰ কথা আছিল ৷
কেন্দ্ৰীয় বাজেটৰ পূর্বে হোৱা বৈঠকত কেইবাখনো ৰাজ্যই বস্ত্ৰ খণ্ডত জিএছ টি বৃদ্ধিৰ বিৰোধিতা কৰিছিল ৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰাক-বাজেট বৈঠকত গুজৰাট, পশ্চিম বংগ, দিল্লী, ৰাজস্থান আৰু তামিলনাডুৰ দৰে ৰাজ্যসমূহে কয় যে তেওঁলোক বস্ত্ৰৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) হাৰ ১২ শতাংশলৈ বৃদ্ধি কৰাৰ পক্ষপাতী নহয় ৷
দিল্লী চৰকাৰেও ইয়াৰ বিৰুদ্ধে মাত মাতিছে ৷ দিল্লীৰ বিত্ত বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী চিছোদিয়াই এক টুইটযোগে কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কয় “বস্ত্ৰ ব্যৱসায়ীসকলে জিএছটি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ বিৰুদ্ধে কৰা প্ৰতিবাদ ন্যায়সঙ্গত। অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আপ আৰু দিল্লী চৰকাৰে কৰৰ হাৰ কম কৰি ৰখাৰ পক্ষপাতী । জিএছটি পৰিষদৰ বৈঠকত বস্ত্ৰৰ ওপৰত কৰ কম কৰি ৰখাৰ দাবী মই উত্থাপন কৰিম ৷ “