সীমান্ত সুৰক্ষা বাহিনীয়ে গুজৰাট উপকূলত চাৰিজন পাকিস্তানী মাছমৰীয়াক আটক কৰাৰ লগতে ভাৰতীয় জলভাগৰ পৰা ১০ খন মাছ ধৰা নাও জব্দ কৰাৰ এসপ্তাহ নৌহওঁতেই ৰাজ্যিক সন্ত্ৰাসবাদ বিৰোধী স্কোৱাড চমুকৈ এ টি এছে কচ্চ জিলাৰ মুন্দ্ৰা বন্দৰৰ পৰা বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰিছে ৷ মুন্দ্ৰা বন্দৰৰ পৰা মূলতঃ হেৰ’ইন জব্দ কৰা হৈছে। মধ্যপ্ৰাচ্যৰ পৰা চোৰাংভাৱে অনা হৈছিল এই ড্ৰাগছ ৷ গুজৰাট এ টি এছে বিগত দুদিন ধৰি মুন্দ্ৰা বন্দৰত কণ্টেইনাৰ সন্দৰ্ভত নিৰ্দিষ্ট তদন্ত লাভ কৰি অনুসন্ধান অভিযান চলাই আহিছে।
২০২১ চনৰ ছেপ্টেম্বৰ মাহত মুন্দ্ৰা বন্দৰত দেশৰ ভিতৰতে সৰ্বাধিক মাদক দ্ৰব্য জব্দ কৰা হৈছিল ৷ যেতিয়া ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে ৩ হাজাৰ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল ৷ যাৰ মূল্য ২১ হাজাৰ কোটি টকা ৷ ইয়াৰ তদন্তৰ দায়িত্ব নেচনেল ইনভেষ্টিগেচন এজেঞ্চীক প্ৰদান কৰা হৈছে ৷
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নাৰ্কটিকছ কণ্ট্ৰ’ল ব্যুৰো আৰু ভাৰতীয় নৌসেনাৰ যৌথ অভিযানত গুজৰাট উপকূলৰ পৰা এখন জাহাজৰ পৰা ৭৫০ কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ যাৰ মূল্য ২ হাজাৰ কোটিৰো অধিক। ২০১৯-২০২১ চনলৈ গুজৰাট আৰক্ষী আৰু অন্যান্য সংস্থাই ৪৩৭ কেজি ওজন আৰু ২,১০০ কোটি মূল্যৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰাৰ লগতে ৭৩ জন লোকক গ্ৰেপ্তাৰ কৰে।