গুজৰাটত পুনৰ উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী ৷ গুজৰাট এটিএছে উদ্ধাৰ কৰে ২২৫কিলোগ্ৰাম মেফেড্ৰন ৷ যাৰ বজাৰ মূল্য হৈছে ১,১২৫ কোটি টকা ৷ ইতিমধ্যে এই সংক্ৰান্তত ছয়জন লোকক আটক কৰা হৈছে ৷ মঙলবাৰে বদোদৰা চহৰৰ ওচৰৰ এটা নির্মীয়মান কাৰখানাত অভিযান চলাই গুজৰাটৰ সন্ত্ৰাসবাদী বিৰোধী স্কোৱাড (এটিএছ)ৰ বিষয়াসকলে এই ২২৫ কিলোগ্ৰাম মেফেড্ৰন জব্দ কৰে ৷
গুজৰাট এ টি এছৰ আৰক্ষী অধীক্ষক সুনীল যোশীয়ে কয় “ গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গুজৰাট এ টি এছৰ এটা দলে মঙলবাৰে পুৱা এটা ফেক্টৰী তথা ৱেৰহাউচত অভিযান চলায়। আমি ২২৫ কিলোগ্ৰাম মেফেড্ৰন জব্দ কৰিছো, আন্তঃৰাষ্ট্ৰীয় বজাৰত যাৰ মূল্য ১,১২৫ কোটি টকা৷”
যোশীৰ মতে, জব্দ কৰা নিচাযুক্ত দ্ৰব্যসমূহ ভৰুচ জিলাৰ ছাইখা জিআইডিচিৰ এটা ৰাসায়নিক কাৰখানাত প্ৰস্তুত কৰাৰ পূৰ্বে বদোদৰা জিলাৰ সাৱলী তালুকৰ নির্মীয়নমান কাৰখানাটোত সংসাধন কৰা হৈছিল ৷ বদোদৰাৰ কাৰখানাটো চুৰাটৰ মহেশ বৈষ্ণৱ আৰু বদোদৰাৰ পীয়ুষ পেটেলৰ মালিকানাধীন বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
আনহাতে,ভাৰুচৰ প্লাণ্টটোৰ মালিক ৰাকেশ মাকানি, বিজয় বসোয়া আৰু দিলীপ বাঘছীয়া বুলিও তেওঁ সদৰী কৰে ৷ বৈষ্ণৱ আৰু মাকানিৰ মাজত বৈঠকৰ ব্যৱস্থা কৰা দীনেশ ধ্ৰুৱ নামৰ লোকজনৰ সৈতে পাঁচোটা উদ্যোগৰ মালিকক আটক কৰা হৈছে বুলি যোশীয়ে জনায়।
বিষয়াগৰাকীৰ মতে, বৈষ্ণৱে কাৰখানাটোত মেফেড্ৰন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৷ ইয়াৰ বাবে চলিত বৰ্ষৰ আৰম্ভণিতে উদ্যোগটোৰ মালিকসকলৰ সৈতে তেওঁ যোগাযোগ কৰিছিল। বৈষ্ণৱে ভাৰুচৰ পৰা সাৱলীত থকা নিজৰ উদ্যোগলৈ লিকুইড মেফেড্ৰন আনিছিল ৷ দীনেশ ধ্ৰুৱ আৰু আন দুজন লোকে মুম্বাইৰ পৰা প্ৰায় ১৫ কিলোগ্ৰাম মেফেড্ৰন যোগান ধৰে ৷ ৰাজস্থানৰ এজন লোকেও একে পৰিমাণৰ মেফেড্ৰন যোগান ধৰিছিল ৷ যোশীয়ে জনোৱা মতে, এন ডি পি এছ আইনৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ধ্ৰুৱে ইতিমধ্যে ১২ বছৰ কাৰাগাৰত কটাইছিল ৷