মোডী উপাধিৰ লোকসকল দূৰ্নীতিপৰায়ণ বুলি কৰা মন্তব্যৰ বাবে বিতৰ্কৰ পৰা এতিয়াও ৰেহাই পোৱা নাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷গুজৰাটৰ চুৰাটৰ মুখ্য ন্যায়িক দণ্ডাধীশ এ এন ডাভেৰ আদালতে অহা ২৯ অক্টোবৰত মোডী উপাধিক লৈ ৰাহুলে কৰা মন্তব্যৰ বাবে দাখিল কৰা এক মানহানিৰ গোচৰত ৰাহুলক উপস্থিত হ’বলৈ চমন জাৰি কৰিছে৷যোৱা ২৪ জুনত একেটা গোচৰত ৰাহুল গান্ধী আদালতত উপস্থিত আছিল৷ জানিবলৈ পোৱা মতে চুৰাটৰ বিজেপি বিধায়ক পুৰ্ণেশ মোডীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল৷